/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/720ed32f-6e78-4eb6-b86e-ca6eaf5ccd86/rrrrr.jpg)
ডিজিটেল সংবাদ,কমলাবাৰীঃ সংগীতে সুষমাত সিক্ত হয়- সম্ভম । সংগীত আকৌ ঈষোপাসনাৰ সুগম মাধ্যম । বৈষ্ণৱ সংস্কৃতিৰ ধ্বজা উৰাই অহা উত্তৰ কমলাবাৰী সত্ৰখনে সীমাৰ পৰিধি ভাঙি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ ধাৰা অব্যাহত ৰাখিছে । ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৰু দুজনাৰ অসম সৃষ্টি প্ৰচাৰ প্ৰসাৰত উত্তৰ কমলাবাৰী শংকৰদেৱ কৃষ্ঠি সংঘৰ উদ্যোগত যাত্ৰা অব্যাহত ৰাখিছে। ভাৰত চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীৰ উদ্যোগত ৯ দিনীয়াকৈ অনুষ্ঠিত হৈছে ভাৰত ৰংগ মহোৎসৱ ২০২২ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/010cb5d7-c325-40e6-a32f-d45e8a53e34f/d3821a1b_6a88_452b_a5e7_4e2b39756302.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f7d6bf41-5e0c-4cb7-887d-7c463cb90923/4de9820d_5859_49fd_b99f_2559777218d1.jpg)
উক্ত মহোৎসৱত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৌৰাণিক নাট সমূহ পৰিবেশন কৰিছে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত ভাৰত ৰংগ মহোৎসৱ ১৬ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছে । উক্ত মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰিবলৈ উত্তৰ কমলাবাৰী সত্ৰক আমন্ত্ৰণ জনাইছিল । ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ভাৰত ৰংগ মহোৎসৱত উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্ঠি সংঘৰ ২৪ জনীয়া বৈষ্ণৱ শিল্পীদলে গুৰুজনাৰ অমৰসৃষ্ঠি পূৰ্ৱৰংগ গায়ন -বায়ন আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি 'ৰাম বিজয়' নাট ভাগি পৰিবেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/67129fdf-ce92-4112-a594-d90b1f351a6b/8d77fdd9_fc26_4687_abef_c81190cf02a3.jpg)
১৬ ফেব্ৰুৱাৰীত মাজুলীৰ পৰা ৰাওনা হোৱা দলটিয়ে ১৯ ফেব্ৰুৱাৰীত এন এছ ডিত নাট পৰিবেশন কৰে। মুকলি মঞ্চ তৈয়াৰ কৰি গুৰু আসন প্ৰতিষ্ঠা কৰি আৰ্হি নামঘৰত মুকলিকৈ ৰাম বিজয় নাট পৰিবেশন কৰে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ লগতে দিল্লীস্থ অসমীয়া বহুতো দৰ্শক উপস্থিত থাকে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বহুকেইগৰাকী অধ্যাপক উপস্থিত থাকি গুৰু জনাৰ অমৰ সৃষ্টি দৰ্শন কৰি আপ্লুত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/05df2901-aa5e-488d-8fc3-ab129d73aae6/4ab1b87d_4a6c_49a3_bba5_e4e10ce6f09e.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/62b88625-88cb-412e-a766-31f8ddf69c70/ad24aff6_3c0e_48c6_b315_63e406ef9ac6.jpg)
সংগীত,নৃত্য, আৰু নাটকৰ অপুৰ্ব সমাহাৰ দৰ্শন কৰে। উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্ঠি সংঘৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নৰ নেতৃত্বত যোৱা দলটিত আছে ক্ৰমে পৰিচালক /বায়ন = ভবেন বৰবায়ন, গায়ন / কণ্ঠশিল্পী - উপেন বৰা বৰগায়ন। ৰাম -সৰ্বানন্দ দুৱৰীয়া , লক্ষ্মণ - ৰঞ্জন হাজৰিকা ,সীতা - পৰমানন্দ গায়ন , কনকাৱতী - তপন কলিতা, লিলাৱতী - মৃদুল শইকীয়া, দসৰথ - অজিত বৰুৱা ,বিশ্বমিত্ৰ - জগন্নাথ বৰবায়ণ, তৰকা/ ৰাজা - লিলাৰাম গায়ন,মাৰিশ/ বায়ন - ভাস্কৰ শইকীয়া,.সুবাহু/ বায়ন - লক্ষজিত শইকীয়া, .পৰশুৰাম/ গায়ন/ তথা দলপটি - তীৰ্থ ভূঞা বৰগায়ন , ৰজা/বায়ন-- কৃষ্ণ হাজৰিকা বৰবায়ন ,ৰাজা/ গায়ন - ড' যাদৱ বৰা ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/971c6cbf-6dbb-4b20-88bf-878f95acf81d/65d92fc8_db46_4ea9_9b80_8dd976fa9262.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/760d1ee3-f20e-4f3e-b1c3-f2428da6090b/0fb4bfc8_d56f_4d3b_b2a1_3ec1d4bec63a.jpg)
আৰু আছে ৰাজা/ বায়ন - কৃষ্ণ কুমাৰ বৰবায়ন, জনক -- আচুৎ ককতি, ৰাজা/ গায়ন - প্ৰবিত্ৰ শইকীয়া, ৰাজা/ গায়ন - দেবানন্দ বৰা , ৰাজা/ বায়ন - জয়ৰাম বৰুৱা , সূত্ৰধৰ - নিৰঞ্জন বৰবায়ণ, বায়ন/ মেক আপ আৰ্টিষ্ট - দিপক বৰুৱা ,মেক আপ আৰ্টিষ্ট - কৃষ্ণ শইকীয়া , বাঁহীবাদক - বিতুল দুৱৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3ba28b3a-4c74-42be-bb6e-889c4a28806f/296e3c6b_d5c6_4d0f_8ce6_f2f3144c9342.jpg)
২০ ফেব্ৰুৱাৰীত দ্যা ডাইৰেকট্ৰৰ মিটত ভৱেন বৰবায়নে নাটক খনিৰ ওপৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্রীৰ তথা অধ্যাপক সকলৰ লগত মতবিনিময় কৰে। উক্ত অনুষ্ঠানত সংগ দিয়ে সম্পাদক তীৰ্থ ভূঞা বৰগায়নে।
Also Read: নগাঁৱত তিলক চন্দ্ৰ মজুমদাৰক 'গল্প সৌৰভ যতীন বৰা সাহিত্য বঁটা' প্ৰদান