চৰাইদেউত ৰামময় পৰিৱেশ : বিশাল শোভাযাত্ৰা বাহিৰ

চৰাইদেউত ৰামময় পৰিৱেশ : বিশাল শোভাযাত্ৰা বাহিৰ

author-image
Asomiya Pratidin
New Update
চৰাইদেউত ৰামময় পৰিৱেশ : বিশাল শোভাযাত্ৰা বাহিৰ

ডিজিটেল সংবাদ,চৰাইদেউ : বহু প্ৰতীক্ষাৰ অন্তত ২২ জানুৱাৰী সোমবাৰে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সমান্তৰালকৈ সমগ্ৰ দেশৰ লগতে চৰাইদেউতো ৰামময় পৰিৱেশৰ সৃষ্টি হৈছে।

চৰাইদেউৰ লক্ষ্মী মন্দিৰৰ পৰা ভকত বৈষ্ণৱৰ সৈতে একেলগে ৰামভক্ত জনসাধাৰণে "জয় জয় ৰাম জয় শ্ৰী ৰাম" নাম পৰিৱেশন কৰি শোভাযাত্ৰাৰে আকাশ বতাহ মুখৰিত কৰি তোলে। ইফালে চৰাইদেউৰ অন্য স্থানৰ লগতে দুৱৰা গাঁৱৰ ৰাইজেও ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে বামুণবাৰী, কলিয়ামাটি , টেঙাপুখুৰী আদি অঞ্চল পদযাত্ৰাৰে হৰি নামেৰে মুখৰিত কৰি তোলে ।

Also Read: দিহজাৰীত চাকি-বন্তি জ্বলাই ৰামচন্দ্ৰক আৰাধনা

ram mandir charaideo