দিহজাৰীত চাকি-বন্তি জ্বলাই ৰামচন্দ্ৰক আৰাধনা

এই পবিত্ৰ ক্ষণটিত গাঁৱবাসীয়ে জয় শ্ৰীৰাম, হে ৰাম আদি ধ্বনিৰে লক্ষ্মী মন্দিৰ প্ৰাংগন মুখৰিত কৰি তোলে
দিহজাৰীত চাকি-বন্তি জ্বলাই ৰামচন্দ্ৰক আৰাধনা

ডিজিটেল ডেস্ক : অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই শুভ ক্ষণটি সমগ্ৰ দেশৰ লগতে নলবাৰী জিলাৰ দিহজাৰীতো চাকি-বন্তি জ্বলাই উদযাপন কৰা পৰিলক্ষিত হয়। চাকি-ধূপ-ধূনা আদি জ্বলাই এক পবিত্ৰ পৰিৱেশৰ মাজত গাঁৱবাসীয়ে ৰামচন্দ্ৰক আৰাধনা কৰে।

ইয়াৰোপৰি উদ্যোক্তাসকলে জনাই যে, ই এক শুভ ক্ষণ। ৫০০ বছৰীয়া সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাত আনন্দিত বুলি মন্তব্য কৰে। লগতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই শুভ ক্ষণত উপলক্ষে জ্বলোৱা ধূপ-ধূনাৰ সুবাসে সমগ্ৰ অঞ্চলটিৰ অসূয়া-অপ্ৰীতি দূৰ কৰি শান্তিৰ ৰাম ৰাজ্য স্থাপন কৰিব বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে নলবাৰী জিলাৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান পূবেৰুণ সংঘৰ সক্ৰিয় সদস্য মৃণাল বৰ্মন, বনজিৎ বৰ্মন, সত্যজিৎ বৰ্মন, ৰূপম শৰ্মা, কুলেন্দু শৰ্মা আদিৰ প্ৰচেষ্টাত সহস্ৰাধিক চাকি-বন্তি জ্বলোৱা হয়। ইফালে এই পবিত্ৰ ক্ষণটিত গাঁৱবাসীয়ে জয় শ্ৰীৰাম, হে ৰাম আদি ধ্বনিৰে লক্ষ্মী মন্দিৰ প্ৰাংগন মুখৰিত কৰি তোলে।

দিহজাৰীত চাকি-বন্তি জ্বলাই ৰামচন্দ্ৰক আৰাধনা
শিক্ষা প্ৰশাসক দামোদৰ শৰ্মাৰ বিয়োগত 'বিজয়া হাইটছ কল্যাণ সমিতি'ৰ শোক প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in