কোকৰাঝাৰত ৰাম বন্দনা

কোকৰাঝাৰত ৰাম বন্দনা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ প্ৰভু ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে কোকৰাঝাৰতো উছাহৰ ধল বৈছে। বালাজান তিনালীৰ হনুমান মন্দিৰৰ উদ্যোগত আজি বালাজান তিনালী এলেকাত বিশাল ধৰ্মীয় শোভাযাত্ৰা বাহিৰ হয় । প্ৰতিকীৰূপত ৰাম -সীতা-হনুমান -লক্ষণে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । তদুপৰি সকলো জাতি -জনগোষ্ঠীৰ লোকে উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।

বিশাল ধৰ্মীয় শোভাযাত্ৰাটোৱে বালাজান তিনালী এলেকা পৰিভ্ৰমন কৰে আৰু জয় শ্ৰীৰাম ধ্বনিৰে বালাজান তিনালী মুখৰিত কৰি তোলে । ৰাতিপুৱাৰে পৰা পূজা-অৰ্চনা , আৰতি -বন্দনা সম্পন্ন হোৱাৰ পিছত সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন হয়।

ইপিনে বালাজান তিনালীৰ নিকটৰ ভোগ আমগুৰিত থকা ৰাম মন্দিৰ প্ৰাংগনতো বিভিন্ন কাৰ্যসূচীৰে প্ৰভু ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা উদযাপন কৰা হয় । আনহাতে আজি সন্ধিয়া কোকৰাঝাৰ সদৰ চহৰৰ প্ৰতিখন দোকানৰ সন্মুখত ব্যৱসায়ীসকলে বন্তি প্ৰজ্বলন কৰে । তদুপৰি ৰঙ -বিৰঙৰ আলোকসজ্জাৰে সজাই পৰাই তুলি কোকৰাঝাৰ সদৰ চহৰ ৰাম বন্দনাৰে মুখৰিত হৈ পৰিছে ।

কোকৰাঝাৰত ৰাম বন্দনা
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ আনন্দত বটদ্ৰৱাত শোভাযাত্ৰা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in