ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ আনন্দত বটদ্ৰৱাত শোভাযাত্ৰা

সন্ধিয়া বটদ্ৰৱা থান চৌহদৰ লগতে দুই সত্ৰৰ প্ৰতিঘৰৰ পদূলিত বন্তি প্ৰজ্বলন কৰাত আলোকময় দৃষ্টিনন্দন পৰিৱেশ হৈ পৰে।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ আনন্দত বটদ্ৰৱাত শোভাযাত্ৰা

ডিজিটেল সংবাদ,বটদ্ৰৱা : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ আনন্দ উল্লাসত সোমবাৰে নিশা বটদ্ৰৱাবাসীয়ে জয় জয় ৰাম, জয় শ্ৰীৰাম নাম কীৰ্তন পৰিৱেশন কৰি শোভাযাত্ৰা কৰে। অযোধ্যাত ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সমান্তৰালকৈ সমগ্ৰ দেশৰ লগতে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানটো আজি ৰামময় পৰিৱেশৰ সৃষ্টি হয়।

ৰামলালা প্ৰতিষ্ঠা কৰাৰ ঐতিহাসিক ক্ষণৰ বাবে পুৱাৰে পৰা বটদ্ৰৱাত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। দুপৰীয়া বটদ্ৰৱা থানৰ জাপি বাটচ'ৰাৰ সন্মুখত বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজ সমবেত হৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা পোনপটীয়াকৈ প্ৰচাৰ উপভোগ কৰাৰ লগতে উদযাপন কৰ হয় ৰামলালা প্ৰতিষ্ঠা অনুষ্ঠানৰ।

পুৱা বটদ্ৰৱাৰ যুৱক-যুৱতী, আইমাতৃ আৰু ভকত-বৈষ্ণৱৰ উপস্থিতিত থানৰ জাপি বাটচ'ৰাৰ সন্মুখত ভগৱান ৰামৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। পাছত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ অনুষ্ঠান উপভোগ কৰে।

সন্ধিয়া বটদ্ৰৱা থান চৌহদৰ লগতে দুই সত্ৰৰ প্ৰতিঘৰৰ পদূলিত বন্তি প্ৰজ্বলন কৰাত আলোকময় দৃষ্টিনন্দন পৰিৱেশ হৈ পৰে। ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই পিতৃ আজ্ঞা পালি চৈধ্য বছৰ বনবাসৰ অৱসান ঘটাই পত্নী সীতা আৰু ভাতৃ লক্ষ্মণ সহিতে অযোধ্যালৈ উভতি অহাৰ দিনা ৰাজ্যৰ প্ৰজাগণে যেনেদৰে আনন্দতে চাকি – বন্তি জ্বলাই চৌদিশে পোহৰেৰে আলোকিত কৰি তুলিছিল। ঠিক তেনেদৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক আদৰণি জনাই আনন্দ উৎসৱ কৰা পৰিলক্ষিত হয়।

পাছত বটদ্ৰৱাৰ সৰু বৰ সকলো লগ হৈ হৰিনাম পৰিবেশন কৰি শ'লগুৰি আৰু নৰোৱা সত্র পদক্ষিণ কৰা হয়।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ আনন্দত বটদ্ৰৱাত শোভাযাত্ৰা
দিহজাৰীত চাকি-বন্তি জ্বলাই ৰামচন্দ্ৰক আৰাধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in