ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানলৈ বৰাক উপত্যকাসহ দক্ষিণ প্ৰান্তৰ ১৫ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ..

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানলৈ বৰাক উপত্যকাসহ দক্ষিণ প্ৰান্তৰ ১৫ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ..
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানলৈ বৰাক উপত্যকাসহ দক্ষিণ প্ৰান্তৰ ১৫ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ..

ডিজিটেল সংবাদ শিলচৰঃ অহা ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব অযোধ্যাৰ বহু প্ৰতিক্ষীত ৰাম মন্দিৰৰ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব এই ৰাম মন্দিৰৰ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ। এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে বৰাক উপত্যকাসহ দক্ষিণ প্ৰান্তৰ প্ৰায় ১৫ জন বিশিষ্ট ব্যক্তিক।

পদ্মশ্ৰী, মেগছেছে বঁটা প্ৰাপ্ত কাছাৰ কেঞ্চাৰ হাস্পতালৰ বিশিষ্ট কেঞ্চাৰ চিকিৎসক ডা: ৰবি কান্নান, কাছাৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি উদয় শংকৰ গোস্বামী, পাথাৰকান্দিৰ প্ৰাক্তন বিধায়ক সুখেন্দু শেখৰ দত্ত, মিজোৰামৰ সাহিত্যিক ড' চি কানলোভা, শংকৰমঠৰ স্বামী বিজ্ঞানন্দজী মহাৰাজ, বিষ্ণুপ্ৰিয়া মনিপুৰী সমাজৰ সন্ত যোগেন্দ্ৰ সিনহা, বিশ্ব হিন্দু পৰিষদৰ দক্ষিণ অসম প্ৰান্তৰ সভাপতি শান্তনু নায়েকসহ ১৫ জন বিশিষ্ট লোক ২২ জানুৱাৰীৰ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্হিত থাকিব।

সেইদৰে চুবুৰীয়া ৰাজ্য মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ পৰা কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। দেওবাৰে শিলচৰত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে বিশ্ব হিন্দু পৰিষদৰ দক্ষিণ অসম প্ৰান্তৰ সভাপতি শান্তনু নায়েকে।

ইফালে, প্ৰভু ৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে অযোধ্যাৰ পৰা প্ৰেৰণ কৰা আঠ লাখকৈ নিমন্ত্ৰণ পত্ৰ, ৰামমন্দিৰৰ ফটো আৰু অক্ষয় চাউলৰ টোপোলা হিন্দু লোকৰ ঘৰে ঘৰে বিতৰণৰ ব্যৱস্থা হাতত লৈছে বিশ্ব হিন্দু পৰিষদে। বিশ্ব হিন্দু পৰিষদৰ দক্ষিণ অসম প্ৰান্তৰ অন্তৰ্গত বৰাক উপত্যকা, ত্ৰিপুৰাসহ মণিপুৰৰ প্ৰতিটো হিন্দু পৰিয়ালৰ মাজত এই চাউল, ৰামমন্দিৰৰ ফটো আৰু নিমন্ত্ৰণ পত্ৰ বিতৰণৰ কাম পহিলা জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ'ব।

তদুপৰি, ২২ জানুৱাৰীৰ দিনা ৰাতিপুৱা ১১ বজাৰ পৰা দিনৰ ১২-৩০লৈ প্ৰতিটো মন্দিৰত ১০৮ বাৰ ৰামনাম জপ, হনুমান চালিচা পাঠ, নাম কীৰ্তন কৰাৰ লগতে সন্ধিয়া প্ৰতি ঘৰতে অতি কমেও পাঁচ গছি চাকি জলাবলৈ আহ্বান জনাইছে বিশ্ব হিন্দু পৰিষদৰ দক্ষিণ অসম প্ৰান্তৰ সম্পাদক পুৰ্ণ মণ্ডলে।

ইফালে, ৰামমন্দিৰ দৰ্শনৰ বাবে অহা ১৪ ফেব্ৰুৱাৰীত বৰাক উপত্যকাসহ ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা প্ৰায় তিনিহাজাৰ বিশ্ব হিন্দু পৰিষদ আৰু সংঘ পৰিবাৰৰ কাৰ্যকৰ্তা ৰাওনা হ'ব। ইয়াৰ বাবে দুখন বিশেষ ৰে'লৰো ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰে শান্তনু নায়েকে।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানলৈ বৰাক উপত্যকাসহ দক্ষিণ প্ৰান্তৰ ১৫ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ..
বছৰৰ অন্তিম দিনটোত উখল-মাখল চৰাইদেউ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in