অ-সুৰক্ষিত চাহ উদ্যোগৰ ভৱিষ্যৎ! ৫ মাহত বিক্ৰী ৬৮ খন চাহ বাগিচা

অ-সুৰক্ষিত চাহ উদ্যোগৰ ভৱিষ্যৎ! ৫ মাহত বিক্ৰী ৬৮ খন চাহ বাগিচা

ডিজিটেল ডেস্কঃ সুৰক্ষিত নহয় অসমৰ চাহ উদ্যোগৰ ভৱিষ্যৎ। অন্য ব্যৱসায়-বাণিজ্যত পুঁজি বিনিয়োগ কৰি দেশৰ পুঁজিপতি গোষ্ঠীয়ে অসমৰ চাহ উদ্যোগলৈ নমাই আনিছে ভয়ংকৰ সংকট।

যোৱা ২০১৭ চনৰ পৰা ২০২২ চন পর্যন্ত অসমৰ ৬৮ খন চাহ বাগিচা বিক্ৰী কৰিছে পুঁজিপতি গোষ্ঠীয়ে। এইবোৰ হৈ থাকিলে ৰাজ্যৰ অৰ্থনীতিৰ ভেটি গঢ় দিয়া চাহ উদ্যোগৰ ভৱিষ্যৎ সুৰক্ষিত বুলি কব নোৱাৰি। এই অভিযোগ উত্থাপন কৰিছে অসম চাহ কৰ্মচাৰী সংঘই।

অভিযোগ অনুসৰি অন্য ব্যৱসায়ত পুঁজি বিনিয়োগ কৰিবৰ বাবে বাগিচা বন্ধকত ৰাখি বেংকৰ ঋণ লৈছে একাংশ পুঁজিপতিয়ে। ইফালে, সময়ত বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বাগিচা বিক্ৰীৰ দৰে হঠকাৰী সিদ্ধান্ত লৈছে একাংশ চাহ কোম্পানীয়ে। অন্য ব্যৱসায়ত মনোনিৱেশ কৰা ৰাজ্যৰ চাহ উদ্যোগলৈ পিঠি দিয়া একাংশ পুঁজিপতিয়ে নিয়মিতভাৱে বিক্ৰী কৰি আছে ইখনৰ পিচত সিখন চাহ বাগিচা।

তিনিচুকীয়াৰ তালাপস্থিত এ পি জে টি গ্রুপে ১৬ খন চাহ বাগিচা বিক্ৰী কৰাৰ পিচত বেংকৰ ঋণ পৰিশোধ কৰাৰ ছলেৰে মেকলয়ড ৰাছেল ইণ্ডিয়া টি কোম্পানীয়ে ৭০০ কোটি টকাত বিক্ৰী কৰিছে অসমৰ ১৫ খন চাহ বাগিচা। এই ১৫ খন চাহ বাগিচাৰ ৬ খনেই তিনিচুকীয়া জিলাৰ।

চাহ উৎপাদনত সঁচাকৈ কোম্পানীসমূহে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি? কিহৰ বাবে এই কোম্পানীসমূহে বিক্ৰী কৰিছে চাহবাগিছা। ইয়াৰ ফলত শ্ৰমিক-কৰ্মচাৰীসকলৰ মাজতো অনিশ্চিয় ভৱিষ্যতে দেখা দিছে।

ইফালে, অসম চৰকাৰে চাহ বাগিচাৰ ভূমিৰ মূল্য হ্ৰাস কৰিবলৈ লোৱা বাগিচাৰ ১০ শতাংশ ভূমি অন্য কামত ব্যৱহাৰ কৰিবলৈ লোৱা সিদ্ধান্তৰ আঁৰত ৰহস্য থকা বুলি অসম চাহ কৰ্মচাৰী সংঘই অভিযোগ উত্থাপন কৰিছে। চৰকাৰৰ এনে সিদ্ধান্তই অসমৰ চাহ উদ্যোগক অধিক ক্ষতি কৰিব বুলি শংকা প্ৰকাশ কৰে অসম চাহ কৰ্মচাৰী সংঘই।

অ-সুৰক্ষিত চাহ উদ্যোগৰ ভৱিষ্যৎ! ৫ মাহত বিক্ৰী ৬৮ খন চাহ বাগিচা
পুনৰ অশান্ত মণিপুৰ! খেতি পথাৰতে গুলীয়াই কৰে হত্যা এজনক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in