
ডিজিটেল সংবাদ, কামপুৰঃ সোমবাৰে বঢ়মপুৰ সমষ্টিৰ কঠীয়াতলীত অনকেমেৰাত ৰাজহুৱা ক্ষমা খুজিছে এসময়ৰ প্ৰৱল প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনে।উল্লেখ্য যে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি বিজেপি দলত যোগ দিয়া সুৰেশ বৰাৰ সম্পৰ্কত মন্তব্য দিব গৈ প্ৰাক্তন মন্ত্ৰী জনে ৰাজহুৱা ক্ষমা খুজে।
তেওঁ কয় যে ৰাইজে সুৰেশ বৰাৰ সম্পৰ্কত যি বোৰ মন্তব্য কৰিছিল তাক কংগ্ৰেছৰ দলীয় কৰ্মী সকলে বুজি পোৱা নাছিল কিন্তু শেহতীয়াকৈ সকলো কথা বুজিব পাৰিছে । কংগ্ৰেছ এতিয়া পাপৰ পৰা মুক্ত হৈছে বুলিও হুছেইনে মন্তব্য কৰে।
জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা সুৰেশ বৰাই পদত্যাগ কৰাৰ পিছত আজি চামগুৰিৰ বিধায়ক তথা কংগ্ৰেছ জেষ্ঠ্য নেতা ৰকিবুল হুছেইনে বঢ়মপুৰ সমষ্টিৰ কঠীয়াতলীত দলীয় কৰ্মী সকলৰ লগত এক সাংগঠনিক সভাত মিলিত হয়।কঠীয়াতলী ব্লক কংগ্ৰেছৰ সভাপতি দাৰদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাখনতৰ আঁতধৰে কঠীয়াতলী ব্লক কংগ্ৰেছৰ সম্পাদক দুলাল দেৱনাথে ।
সভাখনত উপস্থিত থাকে নগাঁও জিলাৰ নৱ নিযুক্ত সভাপতি প্ৰশান্তু কুমাৰ শইকীয়া।সভাখনত প্ৰাক্তন মন্ত্ৰীজনে এজন সুৰেশ বৰা কংগ্ৰেছৰ পৰা যোৱাৰ পিছত কংগ্ৰেছ দলটোৰ কোনো ক্ষতি নহয় বৰঞ্চ আগন্তুক অসমৰ ভিতৰত এক নম্বৰতে কংগ্ৰেছ জিকিব বুলি উল্লেখ কৰে।
সভাখনত জিলা কংগ্ৰেছৰ উপ সভানেত্ৰী মলয়া বৰঠাকুৰ ;প্ৰৱীন কংগ্ৰেছী ৰুহীনি বৰুৱা ;অনুসূচীত জাতি পৰিষদৰ প্ৰাক্তন চেয়াৰমেন দ্বীপ দাস ;যুগল বৰা আৰু কঠীয়াতলী ব্লক কংগ্ৰেছৰ আন আন বিষয় ববীয়াৰ লগতে লাহৰীঘাট সমষ্টিৰ বিধায়ক আচিফ মহমদ নাজাৰ আদি উপস্থিত থাকে। উল্লেখ্য প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থকা সভা খনত সুৰেশ বৰাৰ বিৰুদ্ধে বহু কংগ্ৰেছ কৰ্মীয়ে বিষোদগাৰ প্ৰকাশ কৰে।