/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/4e84d51d-7241-4bf3-ad5a-b1144b9dd3bd/dfggffg.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ গছত বৰ অসমৰ পিতৃ পুৰুষ চাওলুং চ্যুকাফা চিত্ৰ অংকন কৰি চৰ্চিত হৈ পৰিছে এজন যুৱক। এই যুৱকজন শিৱসাগৰ জিলাৰ বকতা জাপিসজিয়া গাঁৱৰ পৱিত্ৰ বৰুৱা ।
পাটসাঁকো বাইলুং দেওধাই গাঁৱৰ দেওশাল প্ৰাঙ্গনত থকা এজোপা গছত চাওলুং চ্যুকাফাৰ ছবি অংকন কৰে যুৱকজনে । ইয়াৰ পাছতেই বিশেষ ভাৱে চৰ্চাৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে ছবিৰ লগতে যুৱকজন ।
কোনো আনুষ্ঠানিক চিত্ৰাংকণৰ শিক্ষা গ্ৰহণ নকৰাকৈ সৰুৰে পৰা চিত্ৰ অংকনৰ প্ৰতি ধাউতি থকা যুৱকজনে নিজ চিন্তাৰে বহু উৎকৃষ্ট ছবি আঁকিবলৈ সক্ষম হৈছে । বকতা শলগুৰিৰ নিবাসী কিৰণ বৰুৱাৰ একমাত্ৰ পুত্ৰ পৱিত্ৰ বৰুৱাই মোমায়েকৰ ঘৰতেই থাকি নিজৰ একান্ত প্ৰচেষ্টাৰে ছবি অংকণৰ প্ৰতিভা আয়ত্ব কৰি প্ৰশংসিত হৈছে । ইয়াৰ মাজতে পৱিত্ৰই বহু ছাত্ৰ-ছাত্ৰীক চিত্ৰ অংকনৰ প্ৰশিক্ষণ দি আহিছে ।
Also Read: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰিলে মণিপুৰৰ ৯ উগ্ৰপন্থী সংগঠনক