হাগ্ৰামা মহিলাৰীক ধন্যবাদ জ্ঞাপন বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ, কাৰণ...

বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক ধন্যবাদ দিছে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ।

author-image
Asomiya Pratidin
New Update
 হাগ্ৰামা মহিলাৰীক ধন্যবাদ জ্ঞাপন বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ, কাৰণ...

ডিজিটেল সংবাদ, বাক্সা : বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক ধন্যবাদ দিছে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই । বৰ্তমান বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে হিমালয় পৰ্বতত তপস্যা কৰি আছে। সেইহে তেওঁক দেখিবলৈ পোৱা নাযায়। বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে নিজৰ কথাক মানি হিমালয় পৰ্বতৰ তিলাত তপস্যা কৰি থকা বুলিও বাক্সা জিলাৰ মুছলপুৰত চাইকেল লগতে আইচ বক্স বিতৰণ কৰি এই কথা কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই প্ৰকাশ কৰে ।

Advertisment

ইয়াৰ লগতে যি ৰাজনীতি দলত বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে থাকিব সেই ৰাজনীতি দলটো ধংস হ'ব বুলিও কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় । ইয়াৰ লগতে কংগ্ৰেছ দলৰ গৰ্জন মোছাহাৰীৰ বিৰুদ্ধেও তীব্ৰ সমালোচনা কৰে ৰাকেশ ব্ৰহ্মই ।

তেওঁ কয় যে গৰ্জন মোছাহাৰী এজন নেউল দৰে ব্যক্তি । নেউলে যেনেকৈ পচা বস্তুবোৰ খাই তেনেকৈ গৰ্জন মোছাহাৰীও নিঃশেষ হবলৈ ধৰা কংগ্ৰেছ দলত গৈ পচা মাংস খাবলৈ চেষ্টা কৰিছে বুলিও কয় ।

: আৰু পঢ়ক: নগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ...

btr