নদীবান্ধৰ বিৰুদ্ধে তৎপৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই

নদীবান্ধৰ বিৰুদ্ধে তৎপৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই

author-image
asomiyapratidin
New Update
নদীবান্ধৰ বিৰুদ্ধে তৎপৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই

ডিজিটেল সংবাদ, নগাঁও: এইবাৰ নদীবান্ধৰ বিৰুদ্ধে তৎপৰ হ'ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই। নদীবান্ধৰ বাবেই নগাঁৱত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, "নদীবান্ধে উপকাৰতকৈ বেছি অপকাৰহে কৰিছে। নদীবান্ধ সমূহে জোখ-মাখ নোহোৱাকৈ পানী এৰি দিয়াৰ ফলতে মধ্য অসমত জলপ্ৰলয়ৰ সৃষ্টি কৰিছে। চৰকাৰে এইক্ষেত্ৰত নদীবান্ধ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।"

আনহাতে বানপানীত এইবাৰ মধ্যঅসমত ৰাইজৰ ব্যাপক ক্ষয়-ক্ষতি কৰাৰ কথা উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয়, "মই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো তেঁও কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি অসমৰ বাবে অন্তত ৪-৫ হাজাৰ কোটি টকাৰ সাহাৰ্য প্ৰদান কৰিবলৈ চেষ্টা কৰক।"

 কলং-কপিলীৰ বানে নগাঁৱৰ মীনপালকৰ ব্যাপক ক্ষয়-ক্ষতি কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, "নগাঁৱৰ মীন পালকৰ বিলাই নাইকীয়া হৈছে। সকলো মীন পালকৰ লোকচান হৈছে। মোৰ নিজৰ কৃষিপাম খনো বানত বুৰ গ'ল। মাছ-খেতি চব শেষ হ'ল। জীৱনত এনেকুৱা জলপ্ৰলয় দেখা নাছিলো।"

আৰু পঢ়ক: এইবাৰ গৰম বন্ধ কেতিয়া? জনালে শিক্ষামন্ত্ৰীয়ে…

nagaon flood assam