শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী দেৱেন দত্তৰ শেষ নিশ্বাস ত্যাগ

শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী দেৱেন দত্তৰ শেষ নিশ্বাস ত্যাগ

ডিজিটেল ডেস্কঃ শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী দেৱেন দত্ত আৰু নাই। নিশা প্ৰায় ১২.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে দত্তই।

হৃদৰোগত আক্রান্ত হৈ আছিল শিক্ষাবিদগৰাকী। ১১ আগষ্টত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। তাৰপাছতেই ১৭ আগষ্ট নিশা GMCHত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮১ বছৰ। নৱগ্ৰহ শ্মশানত শেষকৃত্য় সম্পন্ন হব বিশিষ্ট শিক্ষাবিদ গৰাকীৰ।

কটন মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ আছিল দত্ত। ২০০২ চনত অৱসৰ গ্ৰহণ কৰিছিল দত্তই।

১৯৪৪ চনত ৫ এপ্ৰলিত শিৱসাগৰৰ নাজিৰাত জন্ম গ্ৰহণ কৰিছিল দত্তই। ১৯৬৫ ইংৰাজীত স্নাতকোত্তৰ লাভ কৰিছিল। তাৰপাছতেই কটন কলেজত ইংৰাজীৰ প্ৰৱক্তা হিচাপে যোগদান কৰিছিল দত্তই আৰু ২০০১ চনত উপাধ্যক্ষ পদলৈ পদোন্নতি হৈছিল।

ভাষাৰ শুদ্ধ প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ঠ গুৰুত্ব দিছিল দত্তই।সক্ৰিয়া ৰাজহুৱা কৰ্মী হিচাপে জনাজাত আছিল দত্ত। তেওঁৰ মৃত্যুত গুণমুদ্ধসকলৰ মাজত শোকৰ ছা পৰিছে।

শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী দেৱেন দত্তৰ শেষ নিশ্বাস ত্যাগ
হিন্দী চিনেমাৰ দৰেই কাহিনীঃ উত্তৰ গুৱাহাটীৰ অপহৰণ কাণ্ডৰ ৰহস্য ফাদিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in