পালেপাৰাৰ কৃতি শিক্ষক ৰজনী কলিতাৰ মৃত্যুঃ বিভিন্ন অনুষ্ঠানৰ শোক প্ৰকাশ...

পালেপাৰাৰ কৃতি শিক্ষক ৰজনী কলিতাৰ মৃত্যুঃ বিভিন্ন অনুষ্ঠানৰ শোক প্ৰকাশ...

author-image
Asomiya Pratidin
New Update
পালেপাৰাৰ কৃতি শিক্ষক ৰজনী কলিতাৰ মৃত্যুঃ বিভিন্ন অনুষ্ঠানৰ শোক প্ৰকাশ...

পালেপাৰাৰ কৃতি শিক্ষক ৰজনী কলিতাৰ মৃত্যুঃ বিভিন্ন অনুষ্ঠানৰ শোক প্ৰকাশ...

ডিজিটেল সংবাদ ডিমুঃ কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত কঞা-বৰপুল্লা পঞ্চায়তৰ পালেপাৰা গাঁৱৰ নিবাসী তথা ২নং পালেপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভূমিদাতা ও প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত শিক্ষক ৰজনীকান্ত কলিতা আৰু নাই। ১৩ আগষ্ট, দেওবাৰে বিয়লি ৩:২২ বজাত পালেপাৰাৰ নিজ বাসগৃহতে মৃত্যুক সাৱটি লয় কৃতি শিক্ষকগৰাকীয়ে ।

Advertisment

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ। তেখেত এজন কৃতি শিক্ষকৰ লগতে বৃহত্তৰ বাৰাংহাটী, কঞা আদি অঞ্চলত শিক্ষাৰ প্ৰসাৰ আৰু বিদ্যালয় স্হাপনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। পিচপৰা পালেপাৰা গাঁৱত শিক্ষাৰ প্ৰসাৰৰ বাবে তেখেতে নিজে ভূমি দান কৰি বিদ্যালয় স্থাপন কৰি ১৯৭৩ চনৰ পৰা শিক্ষকতা জীৱন আৰম্ভ কৰিছিল। লগতে তেখেত এজন সমাজসেৱকো আছিল।

তেওঁ একেধাৰে কামপীঠ বাৰোৱাৰী দুৰ্গা পূজা সমিতি,কামপীঠ ৰাস মহোৎসৱ সমিতি,উত্তৰ হাজো জ্যেষ্ঠ নাগৰিক মঞ্চ সমিতিৰ সদস্য আছিল। তেখেতে এই অনুষ্ঠানসমূহৰ উন্নয়নৰ হৈ ভালেখিনি কাম কৰি থৈ গৈছে।

তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰে।কামপীঠ বাৰোৱাৰী দুৰ্গা পূজা সমিতি,কামপীঠ ৰাস মহোৎসৱ সমিতি,উত্তৰ হাজো নাগৰিক মঞ্চ সমিতি, পালেপাৰা গাঁৱৰ ৰাইজ , ২নং পালেপাৰা প্ৰাথমিক বিদ্যালয় আদি অনুষ্ঠানসমূহে শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰে।

ইফালে, সোমবাৰে ৰাতিপুৱা তেখেতৰ নশ্বৰদেহ ২নং পালেপাৰা প্ৰাথমিক বিদ্যালয়লৈ নি তাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰীসহ অসংখ্য গুণমুগ্ধই শ্ৰদ্বাঞ্জলি অৰ্পন কৰে। ইয়াৰ পিছতে তেখেতৰ নশ্বৰদেহ শ্মশানলৈ নি শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেখেতে পত্নী, ভাই ,ভাই-বোৱাৰী,পুত্ৰ- বোৱাৰী, ভতিজা-ভতিজী জী-জোৱাই, নাতি-নাতিনীৰ লগতে আত্মীয় আৰু অগনণ গুণমুগ্ধক এৰি থৈ যায়।

Also Read: আধাৰসত্ৰত ট্ৰেডিচনেল লাঠি স্প'ৰ্ট প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি...

হাজো