আধাৰসত্ৰত ট্ৰেডিচনেল লাঠি স্প'ৰ্ট প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি...

আধাৰসত্ৰত ট্ৰেডিচনেল লাঠি স্প'ৰ্ট প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি...

author-image
Asomiya Pratidin
New Update
আধাৰসত্ৰত ট্ৰেডিচনেল লাঠি স্প'ৰ্ট প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি...

আধাৰসত্ৰত ট্ৰেডিচনেল লাঠি স্প'ৰ্ট প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটৰ আধাৰসত্ৰত সৃষ্টি সমৰকলা একাডেমীৰ উদ্যোগত তৃতীয় সংখ্যক ট্ৰেডিচনেল লাঠি স্প'ৰ্ট প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় ।আধাৰসত্ৰ শেনছোৱা বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষক প্ৰদীপ দে আৰু গৌতম দাসৰ তত্বাবধানত গুৱাহাটী , বৰপেটা , শিৱসাগৰ , লখিমপুৰ , যোৰহাট , গোলাঘাটকে ধৰি কেইবাখনো জিলাৰ কেইবাগৰাকীও অভিজ্ঞ সমৰকলাবিদে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে ।

Advertisment

এই প্ৰশিক্ষণত অসমৰ কেইবাখনো জিলাৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষকসকলৰ পৰা লাঠী চালনা আৰু আত্ম সুৰক্ষাৰ পদ্ধতিগত প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত বিয়লি এক গাম্ভীৰ্য্যপূৰ্ণ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ।

এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি গোলাঘাট জিলা পাৰম্পৰিক লাঠি খেল এচ'ছিয়েচনৰ সভাপতি প্ৰদ্যুৎ শৰ্মাই প্ৰশিক্ষাৰ্থীসকলৰ প্ৰতি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । লগতে আধাৰসত্ৰ শেনছোৱা বাপুজী উচ্চ মাধ্যমিক বিদ্যলয়ৰ প্ৰধান শিক্ষক মহেন্দ্ৰ নাথ দত্তইও বক্তব্য প্ৰদান কৰে ।

গোলাঘাট জিলা পাৰম্পৰিক লাঠি খেল এচ'ছিয়েচনৰ সম্পাদক তথা সৃষ্টি সমৰকলা একাডেমীৰ সম্পাদক ৰূপম হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত গোলাঘাট জিলা থানা সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী মাধৱ শইকীয়া , সৃষ্টি সমৰ কলা একাডেমীৰ সভাপতি হীৰেণ বৰুৱা , সাংবাদিক দীপক হাজৰিকা, সাৰঙ্গ তামুলী, স্থানীয় সমাজকৰ্মী বুবুল বৰা, তপন কটকী, স্বচ্ছ আৰু সেউজ স্বেচ্ছাসেৱী সংগঠনৰ সম্পাদক অবিনাশ শইকীয়া, সৃষ্টি সমৰ কলা একাডেমীৰ সদস্য ঋতুপণ গোস্বামীকে ধৰি একাডেমীটোৰ কেইবাগৰাকী সদস্য, অভিভাৱক, বিভিন্ন জিলাৰ পৰা অহা প্ৰশিক্ষকসকল আৰু স্থানীয় ৰাইজ উপস্থিত‌ থাকে ।

Also Read: স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত গহপুৰ পৌৰ সভাৰ একাধিক কাৰ্যসূচী ৰূপায়ণ...

ট্ৰেডিচনেল লাঠি স্প'ৰ্ট