/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/cae4bf15-5d93-4a5e-bf83-9a508db9a1f4/79.jpg)
ডিজিটেল ডেস্ক : অসমৰ চিত্ৰশিল্পী দিলীপ তামুলীলৈ 'ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ' সন্মান প্ৰদান কৰা হয়। ভাৰতীয় দৃশ্য কলাৰ অৱদানৰ স্বীকৃতি স্বৰূপে মঙলবাৰে নতুন দিল্লীত চিত্ৰশিল্পীগৰাকীক এই সন্মানেৰে সন্মানিত কৰে।
অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান। ৰাজ্যপাল খানে "৬ষ্ঠ-ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান" চিত্ৰাঞ্জলি - ২০২৩,সমাৰোহত অসমৰ চিত্ৰশিল্পী দিলীপ তামুলীক উক্ত সন্মান প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/6fcb7c9d-dd21-4bee-976e-3802cfc3a656/fd780e0b_c6e9_4424_bbbc_3a329c4d40ab.jpg)
উল্লেখ্য যে,মেঘ মণ্ডল সংস্থাৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় ললিত কলা অকাডেমীৰ সহযোগত উক্ত অনুষ্ঠানৰ আয়োজন কৰা হয়। উদ্যোক্তা সমিতিয়ে জনোৱা মতে অনুষ্ঠানত চলিত বৰ্ষৰ সন্মানীয় শিল্পীসকলৰ উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়।
উক্ত অনুষ্ঠানত ভাৰতীয় সংসদৰ সদস্যসকলৰ লগতে আৰু বিধানসভাৰ সদস্যসকল অতিথি হিচাপে উপস্থিত থাকে। লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা আন ১৪ গৰাকী বিশিষ্ট শিল্পী, শিল্প সমালোচক আৰু সাংস্কৃতিক বিশেষজ্ঞৰ উপস্থিতত এই বঁটা প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a0f10652-9cfa-4f60-8cf7-1397a1dc84ef/9d9c0492_5b59_46a3_bb63_be155b1471e6.jpg)
বঁটা প্ৰাপক দিলীপ তামুলী জন্ম মাজুলী জিলাত । ১৯৫৮ চনৰ ১ মাৰ্চত জন্ম লাভ কৰা শিল্পীগৰাকী বিগত ২৫ বছৰতকৈ অধিক সময় দৃশ্য কলা বিভাগত শিক্ষকতা দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ আছিল।
তেওঁ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়, অসমৰ পৰা জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত কলা প্ৰবক্তা হিচাপে অৱসৰ লয় । কলিকতাৰ বিশ্ব ভাৰতী শান্তিনিকেতন বিশ্ববিদ্যালয়ৰ পৰাই তেওঁৰ শৈক্ষিক যাত্ৰা আৰম্ভ হৈছিল। য’ত তেওঁ ৫বছৰীয়া ডি সূক্ষ্ম কলা আৰু ২বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী প্ৰথম শ্ৰেণীৰ পদত সুখ্যাতিৰে সম্পূৰ্ণ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f5c1b55b-5edb-435c-bf2b-b4a205b3bbf4/7b48ac36_2742_40fe_8886_39b0a5ceaf5e.jpg)
পিছলৈ তেওঁ ৰয়েল ডেনিছ বৃত্তি লাভ কৰে। এই বৃত্তি কোপেনহেগেনৰ ৰয়েল ডেনিছ একাডেমী অৱ আৰ্টত লাভ কৰে। ব্ৰিটিছ সংগ্ৰহালয়, ট্ৰেড গেলেৰী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে। শিল্পী তামুলী বৰ্তমান ড০ ভূপেন হাজৰিকা ৰিজনেল ফ্লিম ইনচটিটিউট ত চিনেগ্ৰাফী ( দৃশ্য পৰিকল্পনা) কৰা বিষয়ত জেষ্ঠ প্ৰবক্তা ৰূপে কৰ্মৰত।
বঁটা গ্ৰহণ কৰি শিল্পীগৰাকীৰ অনুভৱ সম্পৰ্কে কয় যে, তেওঁৰ মন আছে এজন শিল্পী, এজন শিক্ষক আৰু এজন সমাজকৰ্মীক একেলগে গুটিয়াই লোৱা। বৰ্তমান তেওঁ নিজৰ আভ্যন্তৰীণ অন্বেষণৰ পৰা সামাজিক ইতিহাস, ঐতিহ্য আৰু শিপাৰ বৃহত্তৰ কম্পাছৰ ফালে মনোনিৱেশ কৰিছে। তেওঁ পৰম্পৰাগত অসমীয়া ক্ষুদ্ৰ চিত্ৰকলাক পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰি থকাৰ কথা উল্লেখ কৰে।
Also Read: চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ