চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,চিলাপথাৰ : বিদ্যুৎ বিভাগৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ চিলাপথাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বুধবাৰে অনিয়মীয়া বিদ্যুৎ যোগান আৰু বিদ্যুৎ সম্পৰ্কীয় সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদ চিলাপথাৰ সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হয়।

Advertisment

এ পি ডি চি এল চিলাপথাৰ উপ সংমণ্ডল কাৰ্যালয়ত আজি যুৱ পৰিষদৰ শতাধিক কৰ্মীয়ে অনিয়মীয়া বিদ্যুৎ সেৱাৰ প্ৰতিবাদত বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে দিনটোৰ ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ কথা দিয়া বিজেপি চৰকাৰৰ দিনত বৃহত্তৰ অঞ্চলবাসী ব্যাপক বিদ্যুৎ সমস্যাৰ সন্মুখীন হৈছে।

অভিযোগ অনুসৰি সামান্য এজাক বৰষুণতে কৰ্তন কৰা হয় বিদ্যুৎ সেৱা। বৰ্ধিত বিদ্যুৎ মাছুল হ্ৰাস কৰা,অনিয়মীয়া বিদ্যুৎ সেৱা নিয়মীয়াকৰণ কৰা,বিদ্যুৎ কাৰ্যালয়ত কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰ বন্ধ কৰা,পৰ্যাপ্ত বিদ্যুৎ কৰ্মচাৰী নিযোগ কৰা আদি জ্বলন্ত সমস্যা শীঘ্ৰে সমাধানৰ বাবে সংগঠনটোৱে দাবী জনায়।

Also Read: মহানগৰীত পুনৰ পৌৰ নিগমৰ অভিযান

silapathar apdcl