/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/52cf9ab3-1813-4169-adb6-31416c7e9953/96.jpg)
ডিজিটেল সংবাদ,লামডিং : লামডিঙত ৰে'লৱে সুৰক্ষা বাহিনী, ৰেলৱে সুৰক্ষা বাহিনীৰ বিশেষ দল CIBৰ যৌথ অভিযান। চলন্ত ৰেলত যাত্ৰীসকলৰ ম'বাইল ফোন, টকা, বেগ আদি মূল্যৱান সামগ্ৰী চুৰি কৰা এটাৰ পিছত এটা চক্ৰ ৰেলৱে সুৰক্ষা বাহিনীৰ জালত পৰিছে ৷
বৃহস্পতিবাৰে লামডিং ৰেল ষ্টেচনৰ পৰা ৰেলৱে আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ যৌথ অভিযানত দুধৰ্ষ চোৰৰ এটা গেঙক আটক কৰিবলৈ সক্ষম হৈছে ৷ ৰেলৱে ষ্টেচনৰ পৰা চুৰি চক্ৰটোৰ ৬ জনীয় দলটোক আটক কৰিবলৈ সক্ষম হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4446c7e6-01d3-42bf-9048-6283358786d9/cb89e019_a2b1_4f4e_8297_7c9b96cae9ee.jpg)
জানিব পৰামতে চোৰৰ চক্ৰটোৰ পৰা ৬ টা ম'বাইল ফোন, নগদ ধন ১০৭২৫ টকা আৰু প্ৰায় ৯ লাখ টকাৰ ৪৫.৪৫ গ্ৰাম সন্দেহ জনক ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন ৬ জন ক্ৰমে হোজাইৰ ৰফিক উদ্দিন, আজিজুল হ'ক , আব্দুল ৱাহিদ, আনুৱাৰ হুছেইন, ৰাজীৱ হুছেইন আৰু নগাঁৱৰ তথা এই গেং টোৰ মাষ্টাৰ মাইণ্ড মহিদুল ইছলামক আটক কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, যোৱা ৪দিন পূৰ্বে ৰেলত সন্ত্ৰাস চলোৱা ৯ জনীয়া চোৰৰ দলক আটক কৰিছিল ৰেলৱে আৰক্ষী আৰু CIBৰ দলে। সম্প্ৰতি আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি সোধা-পোছা অব্যহত ৰাখিছে ৷
Also Read: ভাৰত-ভূটান সীমান্তত মেঠোনৰ মৃত্যু