ভাৰত-ভূটান সীমান্তত মেঠোনৰ মৃত্যু

ভাৰত-ভূটান সীমান্তত মেঠোনৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
ভাৰত-ভূটান সীমান্তত মেঠোনৰ মৃত্যু

জীৱিত অৱস্থাত মেঠোনটো

ডিজিটেল সংবাদ,তামুলপুৰঃ তামুলপুৰ জিলাৰ কুমাৰীকাটা ৰেঞ্জৰ ভাৰত-ভূটান সীমান্তত হাতী মানুহৰ সংঘাত চলি থকাৰ সময়তে সংঘটিত হৈছে আন এক ঘটনা। বৃহস্পতিবাৰে ১ নং ডোঙাৰগাঁৱৰ ধাননি পথাৰত আঘাতপ্ৰাপ্ত অৱস্থাত এটি বনৰীয়া মেঠোন উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

জানিব পৰা মতে দিনৰ ভাগত মেঠোনটো ধাননি পথাৰত পৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে ৷ ঘটনাস্থলীত বন বিভাগৰ এটি দল উপস্থিত হৈ আঘাতপ্ৰাপ্ত মেঠোনটো প্ৰত্যক্ষ কৰি সেৱা-শুশ্ৰূষাৰ দিহা কৰে।

কিন্তু আবেলি পৰত আঘাতপ্ৰাপ্ত মেঠোনটোৱে কৰুণভাৱে মৃত্যুক আকোৱালি লয়। বনবিভাগে সন্ধিয়া মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মেঠোনটোৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে ৷

উল্লেখযোগ্য যে আজি কিছুদিন পূৰ্বে এই মেঠোনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ৩জনকৈ যুৱক।

Also Read: মঙলদৈ মহাবিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা সম্পন্ন

indo-bhutan border tamulpur