ৰে'লৱে বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উমাচৰণ নাথ সন্ধানহীন

ৰে'লৱে বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উমাচৰণ নাথ সন্ধানহীন

author-image
Asomiya Pratidin
New Update
ৰে'লৱে বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উমাচৰণ নাথ সন্ধানহীন

ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত কৰাইতোলা নিৱাসী তথা ৰে'লৱে বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উমাচৰণ নাথ (৮৫) ৫ ছেপ্টেম্বৰৰ পৰাই নিখোজ হৈ থকা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Advertisment

ঘৰৰ পৰা চুলি কাটিবলৈ ফকিৰাগ্ৰাম বজাৰলৈ ওলাই আহি সন্ধানহীন হোৱা উমাচৰণ নাথৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে আত্মীয়-স্বজন তথা বিভিন্ন স্থানত বিচাৰ-খোচৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে উমাচৰণ নাথৰ সন্ধানহীনতাৰ বিষয়ে ফকিৰাগ্ৰাম আৰক্ষী থানাত অৱগত কৰিছে।

উল্লেখ্য যে ৫ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৭:৩০ বজাত উমাচৰণ নাথে ঘৰৰ পৰা খোজকাঢ়ি ফকিৰাগ্ৰাম বজাৰলৈ চুলি কটাবলৈ আহিছিল। দুপৰীয়ালৈকে ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ সদস্যসকল চিন্তিত হৈ পৰে।তেওঁলোকে বিচাৰ-খোচৰ আৰম্ভ কৰে যদিও আজি এসপ্তাহ উকলি যোৱাৰ পিছতো উমাচৰণ নাথৰ সন্ধান নোপোৱাত পৰিয়ালৰ লোকসকল দিশহাৰা হৈ পৰিছে।

পিন্ধনত গামোচা আৰু চোলা পৰিহিত,অলপ চুটি আৰু বগা বৰণৰ উমাচৰণ নাথৰ সন্ধান পালে নিকটবৰ্তী থানা নাইবা ৯৮৬৪২০০২৯৭ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে। জানিব পৰা মতে, উমাচৰণ নাথ শেহতীয়াভাৱে এলঝাইমাৰ ৰোগত আক্ৰান্ত হৈছিল।

Also Read: বিভিন্ন সমস্যা সমাধানৰ দাবীৰে ৰঙাপৰাত ৰে'লৱে গাৰ্ডছ কাউন্সিলৰ ধৰ্ণা...

kokrajhar