/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/57cvdshw/rangapara 11.jpg)
বিভিন্ন সমস্যা সমাধানৰ দাবীৰে ৰঙাপৰাত ৰে'লৱে গাৰ্ডছ কাউন্সিলৰ ধৰ্ণা...
ডিজিটেল সংবাদ জামুগুৰিহাটঃ আজি ৰঙাপৰা ৰে'লৱে জংচনত ৰে'ল কৰ্মচাৰীসকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অল ইণ্ডিয়া ৰে'লৱে গাৰ্ডছ কাউন্সিলৰ ৰঙাপৰা শাখাই তেওঁলোকৰ বিভিন্ন সম্যাসা সমাধানৰ দাবীত এক ঘন্টীয় ধৰ্ণা কাৰ্যসূচী পালন কৰে।
উল্লেখ্য যে, লাইন বক্সত থকা সুৰক্ষা সামগ্ৰীসমূহ ৰে'লৱে গাৰ্ডছে নিজেই কঢ়িয়াই নিয়াৰ নীতি আছে। এই নীতিৰ বিৰোধিতা কৰিছে ৰে'লৱে গাৰ্ডছসকলে। আজিৰ প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰী ৰে'লৱে গাৰ্ডছসকলে তেওঁলোকৰ ওপৰত চলোৱা এনে অত্যাচাৰ কেতিয়াও মানি নলয় বুলি কৈ এনে নীতি বন্ধ কৰাৰ দাবী জনাইছে।
Also Read: ভুৱা ট্ৰেডিঙৰ কেলেংকাৰীৰ শ্বেতপত্ৰ প্ৰকাশ কৰাৰ সাহস গোটাবলৈ মুখ্যমন্ত্ৰীক আহ্বান