আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত ৰহা টোল গেটত আক্ৰমন চলোৱা তিনি আক্ৰমনকাৰীক কৰায়ত্ব

টোল গেটৰ চি চি কেমেৰাৰ ফুটেজকে ধৰি যাবতীয় আন প্ৰমান সংগ্ৰহ কৰি আক্ৰমনৰ ঘটনাৰে জ[ড়িত ৩ অভিয়ুক্তক কৰায়ত্ব কৰে
আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত ৰহা টোল গেটত আক্ৰমন চলোৱা তিনি আক্ৰমনকাৰীক কৰায়ত্ব

ডিজিটেল সংবাদ,নগাঁও : আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত কৰায়ত্ব কৰা হৈছে ৰহা টোল গেটত নিশা যাত্ৰীক আক্ৰমন কৰা ৩ অভিযুক্তক ৷ জানিব পৰা মতে কৰায়ত্ব কৰা অভিযুক্ত ৩ জনৰ নাম হৈছে জয়ন্ত গগৈ, বিপুল বৰদলৈ আৰু শংকৰ কুমাৰ ৷

মঙ্গলবাৰে নিশা নগাঁও জিলাৰ হোজাইৰ নীলবাগানৰ এটি পৰিয়ালৰ ওপৰত ৰহা টোল গেটত ৩ জনীয়া এটি দলে বৰ্বৰভাবে আক্ৰমন কৰিছিল ৷ টোল গেটৰ ৩কৰ্মচাৰী জয়ন্ত,বিপুল আৰু শংকৰে নীলবাগানৰ ফাৰুক আহমেদ, মোস্তাফা আহমেদ আৰু ৰায়হান উদ্দিনক প্ৰহাৰ কৰিছিল ৷

ইয়াৰে ২ জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ প্ৰহাৰৰ সময়ত আঘাতপ্ৰাপ্তসকলৰ লগত আছিল ৩ টিকৈ শিশু ৷ টোল গেট কৰ্মচাৰীৰ আক্ৰমনৰ সময়ত ৩ শিশুয়ে ভয়ত চিঞৰিছিল যদিও আক্ৰমনকাৰীসকলৰ হৃদয় গলাব পৰা নাছিল ৷

ফাৰুক,মোস্তাফা আৰু ৰায়হানে নিজৰ প্ৰাণ বচাবলৈ শিশু ৩টিক এৰি পলায়ন কৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছিল ৷ পিছত পুনৰ ঘূৰি গৈ শিশুকেইটিক উদ্ধাৰ কৰিবলৈ যাওঁতে টোল গেটত পুনৰ মাৰধৰ কৰিছিল বুলি অভিযোগ উঠিছে ৷ ৰায়হান উদ্দিনক ডিঙিত গামোচাৰে ফাচ লগাই চেপি ধৰিছিল বুলিও অভিযোগ ৷

জানিব পৰা মতে নীলবাগানৰ পৰিয়ালটোয়ে গুৱাহাটীত এখন গাড়ী ক্ৰয় কৰি নীলবাগানলৈ আহি থাকোতে উক্ত ঘটনাটো সংঘটিত হয় ৷ নতুন গাড়ীৰ নম্বৰ পঞ্জীয়ন নোহোৱাৰ বাবে ফাৰ্ষ্টটেগ লগাব নোৱাৰা হেতু টোল গেটত নগদ ধন ২২০ টকা আদায় দি ৰচিদ বিচৰাটো কাল হয় পৰিয়ালটোৰ বাবে ৷

নিশা প্ৰায় ১১-৫০ বজাত সংঘটিত এই ঘটনাৰ পিছত ডি জি পি জি পি সিঙে নগাঁও আৰক্ষীক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে ৷ আৰক্ষী অধীক্ষক লীনা দলেয়ে সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক দায়িত্ব অৰ্পন কৰে ৷

বিষয়া কলিতাই টোল গেটৰ চি চি কেমেৰাৰ ফুটেজকে ধৰি যাবতীয় আন প্ৰমান সংগ্ৰহ কৰি আক্ৰমনৰ ঘটনাৰে জ[ড়িত ৩ অভিয়ুক্তক কৰায়ত্ব কৰে ৷

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত ৰহা টোল গেটত আক্ৰমন চলোৱা তিনি আক্ৰমনকাৰীক কৰায়ত্ব
ওদালগুৰি কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in