ছাত্ৰ-ছাত্ৰীৰ শপত- বিধি অনুসৰি ১৮/২১ বছৰৰ পূৰ্বে বিয়া নহওঁ...

ছাত্ৰ-ছাত্ৰীৰ শপত- বিধি অনুসৰি ১৮/২১ বছৰৰ পূৰ্বে বিয়া নহওঁ
ছাত্ৰ-ছাত্ৰীৰ শপত- বিধি অনুসৰি ১৮/২১ বছৰৰ পূৰ্বে বিয়া নহওঁ

ডিজিটেল সংবাদ বটদ্ৰৱাঃ "আমি বিধি অনুসৰি ১৮/২১ বছৰৰ আগত বিবাহ পাশত আবদ্ধ নহও। আমি সু-শিক্ষা গ্ৰহণ কৰি উপাযুক্ত বয়সত বৈবাহিক জীৱন আৰম্ভ কৰিম। ইয়াৰ ব্যতিক্ৰম কেতিয়াও নকৰোঁ। বাল্য বিবাহ নিজেও নকৰোঁ আৰু আনকো কৰিবলৈ নিদিও। " আজি এইদৰে শাপতবাক্য পাঠ কৰে এজাক স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে।

নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী বাটমাৰী হাইস্কুল প্ৰাংগণত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ জুৰীয়া খণ্ডৰ উদ্যোগত আৰু বলিকটীয়া গাঁও পঞ্চায়তৰ সহযোগত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে আজি অনুষ্ঠিত ৰাইজ মেলত এইদৰে ছাত্ৰ-ছাত্ৰীসকলক শপতবাক্য পাঠ কৰাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অধিবক্তা তজ্জমল হুছেইনে।

বাল্য বিবাহ এক সামাজিক ব্যাধিয়ে নহয় আইনৰ দৃষ্টিত ই যে এক অপৰাধ হয় তাৰ ওপৰত বিস্তৃত ভাবে বক্তব্য দাঙি ধৰে অধিবক্তা গৰাকীয়ে। বাটমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক তজমল হুছেইনে সভাপতিত্ব কৰা ৰাইজ মেলৰ উদ্দেশ্যে ব্যাখ্যা কৰে উদ্যোক্তা সংগঠনৰ খণ্ড সমন্বয়ক নাজিম উদ্দিন আহমেদে।

সভাখনত ড্ৰাগছকে ধৰি নিষিদ্ধ মাদক দ্ৰব্য সেৱন আৰু ইয়াৰ লগত জড়িত ব্যৱসায়ী সকলৰ ওপৰত আৰক্ষীয়ে লব পৰা আইনী ব্যৱস্থা সমূহৰ বিষয়ে বক্তব্য আগবঢ়াই দগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব বৰাই। আনহাতে ডাইনী হত্যা, সোপাধৰা, বেজ-বেজালী আদি অন্ধবিশ্বাসৰ ওপৰত আলোচনা দাঙি ধৰে বলিকটীয়া ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ দীপ শ‌ইকীয়াই।

"মানুহে মানুহৰ বাবে"- শ্লোগানৰ আধাৰত গাঁও পঞ্চায়ত ভিত্তিত অনুষ্ঠিত এই ৰাইজ মেলত সহ সমন্বয়ক তথা বটদ্ৰৱা সাংবাদিক সন্থাৰ সম্পাদক মাজিদুল ইছলাম, শিক্ষক-শিক্ষয়িত্ৰী, আশা কৰ্মী, গা‍ঁওবুঢ়া, গা‍ঁওৰক্ষী বাহিনী, যুৱক-যুৱতী আদিকে ধৰি সমাজৰ বিভিন্ন স্তৰৰ পাঁচ শতাধিক লোক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in