বঞ্চিত হিতাধিকাৰীৰ দাৰে আক্ৰমণ ভিচিডিচিৰ সদস্যাৰ স্বামীক

বঞ্চিত হিতাধিকাৰীৰ দাৰে আক্ৰমণ ভিচিডিচিৰ সদস্যাৰ স্বামীক
বঞ্চিত হিতাধিকাৰীৰ দাৰে আক্ৰমণ ভিচিডিচিৰ সদস্যাৰ স্বামীক

ডিজিটেল সংবাদ চিৰাংঃ ভি চি ডি চি সদস্যা আৰু তেখেতৰ স্বামীয়ে সংঘটিত কৰা দুৰ্নীতি আৰু অনিয়মৰ বাবেই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এজন ক্ষোভিত লোকে দিন দুপৰতে ভি চি ডি চি সদস্যাৰ স্বামীক দাৰে ঘপিয়াই আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে।

দাৰ ঘাপত গুৰুতৰ ভাবে আহত লোকজন বৰ্তমান চিকিৎসাধীন হৈ আছে । এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত ভূতকুৰা গোবিন্দনগৰ গাঁৱত ।

আক্ৰমণকাৰী লোকজনৰ নাম প্ৰদীপ বৰ্মন (৩০) বুলি জানিব পৰা গৈছে। তাৰ বিপৰীতে আক্ৰমণকাৰীৰ দাৰ ঘাপত আহত হোৱা ভি চি ডি চি সদস্যাৰ স্বামীৰ নাম কালিদাস বৰ্মন (৪০) বুলি জানিব পৰা গৈছে ।

কিন্তু আজি দিন দুপৰতে কিহৰ কাৰণে বা কি পৰিস্থিতিত ফুলগুৰী ভি চি ডি চিৰ ভূতকুৰা গাঁৱৰ সদস্যা পুৰ্ণিমা দাস বৰ্মনৰ স্বামী কালিদাস বৰ্মনক দাৰে আক্ৰমণ কৰিলে এই সন্দৰ্ভত আক্ৰমণকাৰী প্ৰদীপ বৰ্মনে কয় যে, চিৰাং জিলাৰ চিদলী উন্নয়ন খণ্ডৰ অধীনস্থ ফুলগুৰী ভি চি ডি চিৰ ভূতকুৰা গোবিন্দনগৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকাত প্ৰদীপ বৰ্মনৰ নাম সন্নিবিষ্ট আছিল।

ভূতকুৰাৰ নিজৰ ঘৰতে বাঁহেৰে ঘৰুৱা সা-সামগ্ৰী তৈয়াৰ কৰি বিক্ৰী কৰি পোৱা ধনেৰে তিনিটা কণ কণ কন্যা সন্তান, সহধৰ্মিনীক লৈ ভগা চিগা ঘৰত থাকি কোনোমতে নিজৰ পৰিয়াল পোহপাল দি থকা প্ৰদীপ বৰ্মনৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ এটা আছিল সপোনৰ গৃহ । চিদলী উন্নয়ন খণ্ড কাৰ্য্যালয়ৰ পৰা জি আৰ এছ আহি প্ৰদীপ বৰ্মনৰ পৰিয়াল সহ ফটো উঠাই লৈ যোৱাৰ পিছত আনন্দত সময় অতিবাহিত কৰিছিল।

কিন্তু ভূতকুৰা গোবিন্দনগৰৰ গাঁৱৰ ভি চি ডি চি সদস্যা পুৰ্ণিমা দাস বৰ্মন আৰু তেখেতৰ স্বামী কালিদাস বৰ্মন দুজনে মিলি ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰে প্ৰকৃত হিতাধিকাৰী প্ৰদীপ বৰ্মনৰ নামত আবন্টিত হোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদীপ বৰ্মন দিয়াৰ পৰিবৰ্তে সম্পূৰ্ণ বেআইনী ভাবে উক্ত গাঁৱৰে মনেশ্বৰী বৰ্মন নামৰ অইন এগৰাকী মহিলাক আবণ্টন কৰি দিয়ে । এতিয়া মনেশ্বৰী বৰ্মনৰ চৌহদত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰি থকা হৈছে।

তেওঁৰ সৈতে সংঘটিত হোৱা এই অনিয়ম আৰু বঞ্চনাৰ চিকাৰ হোৱাৰ অভিযোগ লৈ বঞ্চিত হিতাধিকাৰী প্ৰদীপ বৰ্মনে প্ৰথমে স্থানীয় ফুলগুৰী ভি চি ডি চিৰ সভাপতিৰ দাৰস্থ হয় কিন্তু তাৰ পৰা কোনো ধৰনৰ সদুত্তৰ নেপোৱাত চিদলী উন্নয়ন খণ্ড বিষয়া, জিলা গ্ৰামোন্নয়ন প্ৰকল্প সঞ্চালক, আনকি জিলা উপায়ুক্তকো লিখিত অভিযোগ কৰে । দুৰ্ভাগ্যজনক কথা যে, কোনো কাৰ্য্যালয়ৰ সংশ্লিষ্ট বিষয়াসকলে প্ৰদীপ বৰ্মনক ন্যায় দিবলৈ কোনো ব্যবস্থাই গ্ৰহন নকৰিলে বুলি অভিযোগ কৰে ।

তাৰ পৰিবৰ্তে নানা ধৰণৰ কথাবতৰা আৰু মিছা প্ৰতিশ্ৰুতিৰে বাৰে প্ৰতি তেখেতক ওভতাই পঠিয়াই দিয়ে। এই সংক্ৰান্তত প্ৰদীপ বৰ্মনে বাসুগাঁও থানাত গোচৰ ৰুজু কৰিছিল কিন্তু সেয়াও এতিয়া কাজলগাঁও আদালতত বিচাৰাধীন হৈ আছে ।

নিজৰ প্ৰাপ্য অধিকাৰ আৰু দুৰ্নীতি অনিয়মৰ সুবিচাৰ বিচাৰি গৈ সকলো দিশৰ পৰা নেতিবাচক উত্তৰ পোৱাৰ পিছত একপ্ৰকাৰ হতাশ হৈ মানসিক ভাবে বিপৰ্যস্ত হৈ পৰিছিল প্ৰদীপ বৰ্মন । তাতে আজি দুপৰীয়াৰ ভাগত ভি চি ডি চি সদস্যাৰ স্বামী কালিদাস বৰ্মন চাইকেল লৈ প্ৰদীপ বৰ্মনৰ বাসগৃহত আহি উপস্থিত হয় ।

সেই সময়ত প্ৰদীপ বৰ্মনে ঘৰত দাৰে জঙ্ঘল কাটি আছিল । প্ৰদীপৰ ককায়েক নৰেন বৰ্মনৰ নামত আবণ্টিত আৰু নিৰ্মাণ হৈ থকা আৱাস গৃহৰ ফটো তোলাৰ নামত টকা বিচাৰি নৰেন বৰ্মনৰ অবৰ্তমানত তেখেতৰ বৃদ্ধা মাতৃক হাৰাশাস্তি কৰি আছিল ।

তাকে দেখি ঘৰত জঙ্ঘল কাটি থকা প্ৰদীপ বৰ্মনে হাতত দাখন লৈ কালিদাসৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয় । এটা সময়ত পৰিস্থিতি এনে পৰ্যায়ত গৈ পায় যে পূৰ্বৰে পৰা কালিদাসৰ প্ৰতি ক্ষোভিত হৈ থকা প্ৰদীপ বৰ্মনে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাই হাতত থকা দাৰে কালিদাস বৰ্মনক আক্ৰমণ কৰে।

অতৰ্কিতে দাৰ ঘাপত আহত হোৱা কালিদাস বৰ্মন নিজৰ চাইকেল, মোবাইল ফোন আৰু কিছু নথিপত্ৰ পেলাই থৈ ৰক্তাক্ত অবস্থাত দৌৰি পলায়ন কৰি ওচৰ চুবুৰীয়াৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি প্ৰাণ ৰক্ষা কৰে । দাৰ ঘাপত আহত কালিদাস বৰ্মনক ওচৰ চুবুৰীয়াই চিকিৎসাৰ বাবে প্ৰথমে বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত লৈ যায় ।

কালিদাসৰ স্বাস্থ্যৰ অধিক অৱনমিত প্ৰতি লক্ষ্য ৰাখি কৰ্তব্যৰত চিকিৎসকে তেখেতক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰে। আশ্চৰ্য্যজনক কথা যে দিন দুপৰতে দাৰে কালিদাস বৰ্মনক আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰাৰ পিছতো প্ৰদীপ বৰ্মন ঘৰৰ পৰা পলায়ন কৰা নাছিল ।

আক্ৰমণ কৰা দা আৰু কালিদাস বৰ্মনে থৈ যোৱা মোবাইল ফোন নথিপত্ৰ থকা মোনাখন লৈ ঘৰৰ বাৰাণ্ডাত বহি আছিল । ইপিনে দিনৰ পোহৰতে দাৰে ঘপিয়াই আক্ৰমণ কৰা ঘটনাৰ খবৰ লাভ কৰি বাসুগাঁও থানাৰ আৰক্ষী ভূতকুৰা গোবিন্দনগৰ গাঁৱত আহি উপস্থিত হয় আৰু আক্ৰমনকাৰী প্ৰদীপ বৰ্মনক আটক কৰি থানাত লৈ যায়।

উল্লেখ্য যে, এখন দুৰ্নীতিমুক্ত বি টি আৰ গঠন কৰাৰ প্ৰতিশ্ৰুতিৰে বি টি চিৰ শাসনভাৰ লাভ কৰা প্ৰমোদ বড়োৰ এইখন বি টি আৰ এলেকাত এটাৰ পিছত এটা চৰকাৰী আঁচনিৰ ৰূপায়ন কৰাৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিব ধৰিছে। চলিত মাহতে এই চিৰাং জিলাৰ ৰৌমাৰী ভি চি ডি চিৰ অন্তৰ্গত বিভিন্ন গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন কৰাৰ নামত ব্যাপক অনিয়ম তথা দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছিল আৰু ঢালিগাঁও থানাত এই সংক্ৰান্তত গোচৰ পৰ্যন্ত ৰুজু কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in