মানকাচাৰত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসনৰ মাৰাথন অভিযান...

ৰাজ্যত বৰ্তমানেও অব্যাহত পাবাৰ লোমত তৈয়াৰ কৰা অসমীয়া সাজ-পাৰ বিৰুদ্ধে প্ৰশাসনৰ মাৰাথন এভিযান ৷ মঙলবাৰে বহিঃৰাজ্যত মেচিনেৰে তৈয়াৰী অসমীয়া সাজ-পাৰ বিক্ৰী কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে চলালে অভিযান৷

author-image
Asomiya Pratidin
New Update
মানকাচাৰত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসনৰ মাৰাথন অভিযান...

মানকাচাৰত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসনৰ মাৰাথন অভিযান...

ডিজিটেল সংবাদ, মানকাচাৰঃ ৰাজ্যত বৰ্তমানেও অব্যাহত পাবাৰ লোমত তৈয়াৰ কৰা অসমীয়া সাজ-পাৰ বিৰুদ্ধে প্ৰশাসনৰ মাৰাথন এভিযান ৷ মঙলবাৰে বহিঃৰাজ্যত মেচিনেৰে তৈয়াৰী অসমীয়া সাজ-পাৰ বিক্ৰী কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে চলালে অভিযান৷

Advertisment

আজি জিলাখনৰ মানকাচৰ চহৰত ৯ খন খনকৈ কাপোৰৰ দোকানত জিলা প্ৰশাসনৰ এনফৰ্চমেণ্ট একোৱাডে অভিযান চলাই চাৰি শতাধিক মেচিনত বোৱা গামোচা জব্দ কৰিছে। এই অভিযানত জিলা সহকাৰী আযুক্তা তথা এনফৰ্চমেণ্ট একোৱাডৰ অধ্যক্ষা হিয়া মেধি উপস্থিত থকাৰ লগতে জিলা সহকাৰী আয়ুক্তা কৃতাঞ্জলি কাশ্যপ, জিলা সহকাৰী আয়ুক্ত অনুৰান মেধী, হাটশিঙিমাৰী জিলা হস্ততাত ও বস্ত্ৰ বিভাগৰ অধীক্ষক ৰাজেন্দ্ৰ কলিতা, ছেৰিকালচাৰ বিভাগৰ অধীক্ষক আব্দুৰ ৰৌফ সহ আৰক্ষীৰ দল উপস্থিত থাকে।

উল্লেখ যোগ্য যে সোমবাৰৰ পৰা জিলাখনত মেচিনত বনোৱা অসমীয়া সাজপাৰ বিক্ৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ এনফৰ্চমেণ্ট একোৱাডে অভিযান আৰম্ভ কৰিছে। কালি জিলাৰ সদৰ হাটশিঙিমাৰীতো ৯ খন দোকানত এইদৰে অভিযান চলাই বৃহৎ পৰিমানৰ গামোচা জব্দ কৰিছিল। বুধবাৰে পুনৰ দক্ষিণ শালমাৰা থানা এলেকাৰ বিভিন্ন ঠাইত কাপোৰৰ দোকানত এই অভিযান চলিব বুলি জানিব পৰা গৈছে।

Also Read: এইবাৰ গুজৰাটত H3N2ৰ আতংক!

#মানকাচাৰ