ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা থলীত নিষিদ্ধ ন্যায় যাত্ৰাৰ কাৰ্যসূচী

ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা থলীত নিষিদ্ধ ন্যায় যাত্ৰাৰ কাৰ্যসূচী

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব বিচৰা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ থলী পকামুৰা পথাৰ কোনো কাৰণতেই ব্যৱহাৰৰ বাবে অনুমতি নিদিয়াৰ বিষয়ে ব্যক্ত কৰে বাৰেচহৰীয়া ভাওনা সমিতিয়ে৷

আজি জামুগুৰিহাটৰ পৰিদৰ্শণ বঙলাত অনুষ্ঠিত এক সংবাদমেলত এই কথা স্পষ্ট কৰিলে বাৰেচহৰীয়া ভাওনা সমিতিৰ বিষয়ববীয়াসকলে ৷ সামাজিক মাধ্যমত প্ৰচাৰ কৰা এক বাৰ্তাৰ আলমত অনুষ্ঠিত কৰা এই সংবাদমেলত বাৰেচহৰীয়া ভাওনা সমিতিৰ বিষয়ববীয়াসকলে এই ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈ অহা পকামুৰা পথাৰখন এখন অৰাজনৈতিক পথাৰ বুলি উল্লেখ কৰে। এনে এখন ঐতিহ্যমণ্ডিত তথা ইতিহাসপ্ৰসিদ্ধ পথাৰত কোনো ৰাজনৈতিক দলৰ ৰং সানিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি একপ্ৰকাৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ কাৰ্যসুচী এই খন পথাৰত নিষিদ্ধ বুলি ঘোষণা কৰে বাৰেচহৰীয়া ভাওনা সমিতিয়ে ৷

উল্লেখ্য যে সংবাদমেলত বাৰেচহৰীয়া ভাওনাৰ স্থায়ী সমিতিৰ সভাপতি ভৱ গোস্বামী,উপ সভাপতি জগত বৰা,সাধাৰণ সম্পাদক জয়ন্ত বৰা,মুখপাত্ৰ নিতুমণি বৰা,সাংগঠণিক সম্পাদক বিশ্বজিৎ হাজৰিকা আৰু অন্যতম বিষয়ববিয়া শৈলেন বৰকটকীকে ধৰি বিষয়ববীয়াসকল উপস্থিত আছিল ৷

অৱশ্যে অহা ২১ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ কাৰ্যসুচীত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা থলী পকামুৰা পথাৰখন ব্যৱহাৰ কৰাৰ দিশত এইমূহুৰ্তলৈকে অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণৰ বিষয়টো প্ৰকাশ পোৱাৰ পিছত কংগ্ৰেছ দলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব৷

ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা থলীত নিষিদ্ধ ন্যায় যাত্ৰাৰ কাৰ্যসূচী
ছয়দুৱাৰৰ জনপ্ৰিয় শিক্ষক চন্দন ভূঞাৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in