/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6137db55-b8d0-4aaa-afb3-d54afab65f5b/AP_FOR_WEB_rahul_.jpg)
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসমৰ ৪ দিনীয়া সময় সূচী প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে । বহু বিতৰ্ক আৰু প্ৰত্যাহ্বান নেওচি ১৮ জানুৱাৰীৰ পৰা শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।
অসম প্ৰদেশ কংগ্ৰেছে সদৰী কৰা অনুসৰি অসমত এই যাত্ৰাৰ সময়ত ১৮ জানুৱাৰীৰ দিনা মৰিয়নিত সমদল উলিয়াই যোৰহাটত নিশা কটোৱাৰ লগতে গিবন ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এখন জনসভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে । ১৯ জানুৱাৰীত নিমাতী ঘাটেদি মাজুলীলৈ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে৷ মাজুলীত উপস্থিত হৈ পদযাত্ৰা কৰি ঢকুৱাখনাত নিশা কটাব কংগ্ৰেছ নেতাগৰাকীয়ে।
পুনৰ ২০ জানুৱাৰীত বগীবিলৰ পৰা যাত্ৰা আৰম্ভ কৰি গোগামুখ হৈ লখিমপুৰ জিলাত প্ৰৱেশ কৰি হাৰমতী আৰু নাওবৈছাত পদ যাত্ৰা কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰত নিশা কটাব ৰাহুল গান্ধীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/7383911c-69a5-4ceb-81fa-a604829ec842/12.jpg)
২১ জানুৱাৰীত হোলঙি হৈ পুনৰ অসমত প্ৰৱেশ কৰি গহপুৰৰ কনকলতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই বিশ্বনাথ চাৰিআলিলৈ যাত্ৰা কৰিব। বিশ্বনাথত পদযাত্ৰা কৰি জামুগুৰিহাটৰ পৰা কলিয়াবৰলৈ যাত্ৰা কৰি কলিয়াবৰত এখন জনসভাত ভাগ ল’ব নেতাগৰাকীয়ে৷ সেইদিনা নিশা কটাব নগাঁও জিলাৰ ৰূপহীত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f550a0dc-c5d3-4341-a237-aa95f6d3492c/13.jpg)
২২ জানুৱাৰীত ৰূপহীৰ পৰা নগাওঁলৈ যাত্ৰা কৰি গোলচেপাৰ পৰা মৰিগাঁৱলৈ পদযাত্ৰা কৰি নিশা কটাব মেঘালয়ৰ নংপোত ৷ ২৩ জানুৱাৰীত গুৱাহাটীৰ জয়ানগৰৰ পৰা শিঙিমাৰীলৈ আগবঢ়িব ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ পুনৰ কামৰূপ জিলাৰ পৰা নলবাৰীলৈ আগবাঢ়িব এই যাত্ৰা ৷ ২৩ জানুৱাৰীৰ নিশা কটাব বৰপেটাৰ বিষ্ণুপুৰত ৷২৪ জানুৱাৰীত ভেল্লাৰ পৰা বঙাইগাঁও, উত্তৰ শালমাৰা হৈ ধুবুৰীলৈ যাত্ৰা কৰি ২৫ জানুৱাৰীত গৌৰীপুৰৰ জনসভাৰ পৰা বক্সিৰহাটলৈ যাত্ৰা কৰি অসমত এই যাত্ৰাৰ সামৰণি মাৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
Also Read: কংগ্ৰেছৰ মায়া এৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ পদত্য়াগ : উভতি অহাৰ সম্ভাৱনা অগপ লৈ