কংগ্ৰেছৰ মায়া এৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ পদত্য়াগ : উভতি অহাৰ সম্ভাৱনা অগপ লৈ

অগপ দলৰ পৰা আহ্বান আহিছে, দুদিনৰ ভিতৰত চূড়ান্ত কৰিম। অগপৰ নেতৃত্ব সলনি হৈছে।
কংগ্ৰেছৰ মায়া এৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ পদত্য়াগ : উভতি অহাৰ সম্ভাৱনা অগপ লৈ

ডিজিটেল ডেস্ক : যি স্থানত আস্থা, বিশ্বাস, মৰ্যদা নাথাকে তাত থকা উচিত নহয়। তৰুণ গগৈৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতি আকৃষ্ট হৈছিলো। তেওঁৰ আহ্বানতে ২০১৩ত অগপ ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। অসম প্ৰদেশ কংগ্ৰছৰ সকলো দায়িত্ব আৰু প্ৰাথমিক সদস্য পদ ত্যাগ কৰি এইদৰে মন্তব্য কৰে সদ্য কংগ্ৰেছ ত্যাগী নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই।

ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনাৰ ফলাফলৰ পিচতে শনিবাৰে কংগ্ৰেছ দল ত্যাগ কৰি সংবাদমেল সম্বোধন কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। হাইকামাণ্ডৰ ভূমিকাত অসন্তুষ্ট হৈ কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত কিছুদিন পূৰ্বে লৈছিল নেতাগৰাকীয়ে।

কিন্তু শনিবাৰে ভট্টাচাৰ্যই সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আনুষ্ঠানিকভাৱে দলৰ সভাপতি ভূপেন বৰাৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰি ১১ বছৰীয়া কংগ্ৰেছ যাত্ৰাৰ অৱসান ঘটায়। সংবাদমেলযোগে তেওঁ কয় যে ২০১৩ চনৰ ৩১ জুলাইত তৰুণ গগৈৰ আহ্বানত অগপ এৰি কংগ্ৰেছত যোগদান কৰিছিলোঁ। তৰুণ গগৈৰ জাতীয়তাবাদী চিন্তাই তেওঁক হেনো আকৃষ্ট কৰিছিল।

লগতে আক্ষেপ প্ৰকাশ কৰি নেতাগৰাকীয়ে কয়- ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা টিকট বিচাৰিছিলোঁ, কিন্তু নাপালো। বহুবাৰ টিকট বিচাৰি নোপোৱা সত্বেও দলক বিশ্বাসঘাটকতা কৰা নাছিলোঁ। দলৰ হৈ প্ৰচাৰ কৰিছিলো, ডিমা হাচাওৰ নিৰ্বাচনত তত্বাৱধায়কৰ দায়িত্বও সুচাৰুৰূপে পালন কৰিছিলোঁ। ১৩ বছৰে দলৰ ক্ষতি হোৱা কোনো কামেই কৰা নাই।

ভূপেন বৰা সন্দৰ্ভতো তেওঁ কেতবোৰ মন্তব্য কৰে। ভূপেন বৰাই দলৰ হৈ যথেষ্ট কষ্ট কৰে। এতিয়াও সভাপতিগৰাকীয়ে কষ্ট কৰি আছে বুলি ভট্টাচৰ্যই কয়।

দলৰ হাইকামাণ্ডৰ প্ৰতি অসন্তুষ্ট হৈ কংগ্ৰেছ এৰা বুলি উল্লেখ কৰি কয় যে, নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ কমিটিৰ পৰা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ নাম আঁতৰোৱাৰ বাবে তেওঁ অৱহেলিত হৈ থকাত কৈ আতৰি অহাই ভাল বুলি বিবেচনা কৰে। যি স্থানত আস্থা, বিশ্বাস, মৰ্যদা নাথাকে তাত থকা উচিত নহয় বুলি ভট্টাচাৰ্যই সংবাদমেলত উল্লেখ কৰে।

ইফালে কংগ্ৰেছ ত্যাগ কৰি পুনৰ অসম গণ পৰিষদ দলত যোগদান কৰাৰ সন্দৰ্ভতো ইংগিত প্ৰদান কৰে। অগপ সন্দৰ্ভত তেওঁ কয়- অগপ দলৰ পৰা আহ্বান আহিছে, দুদিনৰ ভিতৰত চূড়ান্ত কৰিম। অগপৰ নেতৃত্ব সলনি হৈছে। গতিকে যোৱাৰ পথ আছে।

কংগ্ৰেছৰ মায়া এৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ পদত্য়াগ : উভতি অহাৰ সম্ভাৱনা অগপ লৈ
হাগ্ৰামাৰ উপস্থিতিত তামুলপুৰত বি পি এফৰ যোগদান সমাৰোহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in