আজি বিশ্বনাথ চাৰিআলিত উপস্থিত হ’ব ৰাহুল গান্ধীৰ ন্যায় যাত্রা

আজি বিশ্বনাথ চাৰিআলিত উপস্থিত হ’ব ৰাহুল গান্ধীৰ ন্যায় যাত্রা

author-image
Asomiya Pratidin
New Update
ভাৰত জোড়ো ন্য়ায় যাত্ৰাঃ কাইলৈ গোগামুখৰ পৰা লখিমপুৰ হৈ যাত্ৰা কৰিব অৰুণাচললৈ

ডিজিটেল ডেস্কঃ উত্তৰ-পূবত ৰাহুল গান্ধীৰ ন্যায় যাত্রা। অসমত আজি ন্যায় যাত্রাৰ চতুৰ্থ দিন। শনিবাৰে লখিমপুৰৰ পৰা অৰুণাচলত উপস্থিত হয় ন্যায় যাত্রাৰ দল। দেওবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হ’ব ৰাহুল গান্ধীৰ ন্যায় যাত্রা।

Advertisment

সোমবাৰে কলিয়াবৰত আয়োজন কৰা হৈছে জনসভাৰ। জনসভাত অংশ ল’ব ৰাহুল গান্ধী, AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে।

আনহাতে গুৱাহাটীৰ মাজেৰে কংগ্রেছৰ ন্যায় যাত্ৰাৰ অনুমতিৰ আবেদন নাকচ কৰিছে প্ৰশাসনে। খানাপাৰা-বশিষ্ঠ হৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰাৰ অনুমতি প্ৰদান। গুৱাহাটী প্ৰেছ ক্লাৱৰ নিমন্ত্ৰণৰো অনুমতি দিয়া নাই প্ৰশাসনে।

Also Read: দ' খাৱৈত বাগৰি পৰিল বাহন, প্ৰাণ হেৰুৱালে দুজনে, আহত ৪ জন

congress