কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰে গহপুৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক

কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ সৈতে বিৰোধী ঐক্য মঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ অসম-অৰুণাচল সীমান্তৰ সোলেঙি এলেকাৰ ৰাজগড়ত ডেৰ ঘণ্টা ধৰি এই বৈঠক অনুষ্ঠিত হয় ৷
কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰে গহপুৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল সংবাদ,গুৱাহাটী : দেওবাৰে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ সৈতে বিৰোধী ঐক্য মঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ অসম-অৰুণাচল সীমান্তৰ সোলেঙি এলেকাৰ ৰাজগড়ত ডেৰ ঘণ্টা ধৰি এই বৈঠক অনুষ্ঠিত হয় ৷

বৈঠকত ৰাহুল গান্ধীয়ে ১৫টা বিৰোধী দলৰ প্ৰতিগৰাকী মুৰব্বী নেতাৰ মন্তব্য গুৰুত্বসহকাৰে শুনে ৷ ৰাহুল গান্ধীয়ে প্ৰতিটো দলৰ নেতাৰ মন্তব্য শুনাৰ অন্তত অসম তথা দেশত বিজেপিৰ বিৰুদ্ধে ৰাইজক জাগ্ৰত কৰিবলৈ সকলোকে একত্ৰিতভাবে কাম কৰিবলৈ আহ্বান জনায় ৷

অমস প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, আপৰ ডা০ ভবেন চৌধুৰী, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈ, চিপিআই দলৰ হৈ পিংকুমণি দত্ত, কনক গগৈ, চিপিআইএম দলৰ হৈ বিধায়ক মনোৰঞ্জন তালুকদাৰ, আৰজেডিৰ স্বৰ্ণ হাজৰিকা, শিৱসেনাৰ উদ্ধৱ গোটৰ নেতা ৰাম নাৰায়ণ সিং, এপিএইছএলচিৰ জন ইংতি কাথাৰ, অসম জাতীয় দলৰ দিগন্ত কোঁৱৰে নিজৰ দলৰ হৈ মন্তব্য প্ৰদান কৰে ৷ এই বৈঠকত আটাইকেইটা দলৰ সৈতে সমন্বয় কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয় ৷

লোকসভা নিৰ্বাচনলৈ দুটা মাহ বাকী থকা অৱস্থাত বিৰোধী দলৰ স্থিতি কেনেকৈ শক্তিশালী কৰিব পৰা যায়,দলকেইটাক কেনেদৰে ৰাইজৰ মাজলৈ নিব পৰা যায় তাকে লৈ আলোচনা কৰা হয় ৷ বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পৰা যায় তাৰ বাবে সিদ্ধান্ত ল’বলৈ আটাইকেইটা দলৰ নেতৃত্বক আহ্বান জনায় ৷

কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনক লৈ প্ৰকাশ কৰিবলগীয়া ইস্তাহাৰত অসমৰ বিৰোধী ঐক্য মঞ্চৰ দাবী সন্নিৱিষ্ট কৰিব বুলিও কথা দিয়ে ৰাহুল গান্ধী ৷ অসমৰ বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰাক এই ক্ষেত্ৰত দায়িত্ব প্ৰদান কৰে৷ বৈঠকত অখিল গগৈয়ে অসমৰ গ্ৰাম্য এলেকাৰ সমস্যাসমূহক আঙুলিয়াই দি মহিলাকসকলক কেনেদৰে বিজেপিয়ে হিতাধিকাৰী কৰি ভোট ক্ৰয়ৰ মেচিনত পৰিণত কৰিছে তাকো ৰাহুল গান্ধীক অৱগত কৰে ৷

এই ৰাজনৈতিক বৈঠকত দেশৰ বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ যাদৱো উপস্থিত থাকে ৷ ৰাজ্যখনত চলি থকা ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে আটাইকেইটা বিৰোধী দল একেলগে সৰৱ হ’বলৈকো আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষকৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ অনিয়ম আৰু দুৰ্নীতি লুকুৱাই ৰাখিবলৈ চৰকাৰী যন্ত্ৰক ব্যৱহাৰ কৰাৰ যি কৌশল সেয়াও ৰাইজৰ ওচৰলৈ লৈ যাবলৈকো বিৰোধী দলসমূহে সিদ্ধান্ত গ্ৰহণ কৰে।

কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰে গহপুৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক
বিহালীত ধোঁৱাচাঙত মোডী সৱকা চাথ, সৱকা বিকাশ, সৱকা বিস্বাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in