অসমলৈ আহি আছে ৰাহুল গান্ধীঃ ১৪ টা লোকসভা সমষ্টিতেই 'ভাৰত ন্যায় যাত্ৰা' !

অসমলৈ আহি আছে ৰাহুল গান্ধীঃ ১৪ টা লোকসভা সমষ্টিতেই 'ভাৰত ন্যায় যাত্ৰা' !
অসমলৈ আহি আছে ৰাহুল গান্ধীঃ ১৪ টা লোকসভা সমষ্টিতেই 'ভাৰত ন্যায় যাত্ৰা' !

ডিজিটেল ডেস্কঃ অসমলৈ আহি আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ১৪ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীয়ে দুই গোষ্ঠীৰ সংঘাতত অগ্নিগৰ্ভ হৈ পৰা মণিপুৰৰ পৰা আৰম্ভ কৰিব ভাৰত ন্যায় যাত্ৰা। ৰাহুল গান্ধীৰ এই যাত্ৰা অসমত আৰম্ভ হ'ব ১৭ জানুৱাৰীৰ পৰা।

অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই সদৰী কৰা মতে, মণিপুৰৰ পৰা নাগালেণ্ড হৈ ৰাহুল গান্ধীৰ এই যাত্ৰাই ১৭ জানুৱাৰীত প্ৰৱেশ কৰিব আমগুৰিত। তাৰ পৰাই প্ৰথমে উজনি অসমৰ আটাইকেইটা লোকসভা সমষ্টিক স্পৰ্শ কৰি প্ৰৱেশ কৰিব সত্ৰনগৰী তথা নদী দ্বীপ মাজুলীত।

মাজুলীৰ পৰা ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাই নৱগঠিত কাজিৰঙা সমষ্টিৰ উপৰিও নগাওঁ, শোণিতপুৰ আদি সমষ্টিলৈ যাব। তাৰ পৰা লখিমপুৰ সমষ্টি হৈ প্ৰৱেশ কৰিব অৰুণাচলত। অৰুণাচলত ভাৰত ন্যায় যাত্ৰা সামৰি পুনৰ অসমত প্ৰৱেশ কৰি নামনি অসমৰ আটাইকেইটা সমষ্টিকে স্পৰ্শ কৰিব।

অৱশ্যে অসমত ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাৰ এই কাৰ্যসূচী এতিয়ালৈকে চূড়ান্ত হোৱা নাই। তথাপিও কংগ্ৰেছ নেতাগৰাকীয়ে যে, ১৪ টা সমষ্টিকেই স্পৰ্শ কৰিব সেয়া প্ৰায় নিশ্চিত।

কিয়নো ইয়াৰ পূৰ্বে আমি আন এক প্ৰতিবেদনত উল্লেখ কৰিছিলো কংগ্ৰেছ লোকসভা নিৰ্বাচনত অকলেই ২৯০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছে। আনহাতে ১০০ টা সমষ্টিত ইণ্ডিয়া গোটৰ সমৰ্থনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।

যি ২৯০ টা সমষ্টিত অকলেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে সেই ২৯০ টা সমষ্টিৰ ভিতৰত আছে অসমৰ ১৪ টা সমষ্টিয়েই। সেয়ে এই আটাইকেইটা সমষ্টিকে যে ভাৰত ন্যায় যাত্ৰাই স্পৰ্শ কৰিব সেয়া এক প্ৰকাৰে নিশ্চিত।

অসমলৈ আহি আছে ৰাহুল গান্ধীঃ ১৪ টা লোকসভা সমষ্টিতেই 'ভাৰত ন্যায় যাত্ৰা' !
ইণ্ডিয়া গোটত হ'ব নেকি বিভাজন ? কংগ্ৰেছক লাগে ৩৯০ খন আসন, অংশীদাৰ দললৈ এৰিছে ১৫৫ খন আসন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in