/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/eeba3fa9-b645-44ea-ad34-98b92064f322/4.jpg)
ডিজিটেল ডেস্কঃ বহু অপেক্ষাৰ অন্তত ছবি গৃহলৈ আহিল অসমীয়া ছবি 'ৰাঘৱ'। ২৭ অক্টোবৰত মুক্তি লাভ কৰিলে যতীন বৰাৰ অভিনীত ছবিখন। পুৱা ১১ বজাত দেশৰ প্ৰায় ২০০ টা ছবি গৃহত মুক্তি লাভ কৰিছে ৰাঘৱ।
বিগত ২৪ ঘন্টাত ৬০০০ ৰ অধিক টিকট বুক হৈছে ৰাঘৱৰ। অৱশ্য়ে যতীন বৰাৰ পূৰ্বৰ ছবি 'ৰত্নাকাৰ'ৰ দৰে সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই ছবিখনে। গুৱাহাটীৰ প্ৰায়ভাগ ছবিগৃহতে আসন খালী। এক কথাত চিনেমা হলত চাৰি চকা ঘূৰিল, ৰাঘৱৰ ভাগ্য চকা নুঘূৰিল।
ইয়াৰ মাজতে কেইটামান হলত টিকট বুকিং হৈছে। সন্ধিয়াৰ ভাগত পিভিৰ(চিটি চেন্টাৰ) কে ধৰি কেইবাটাও ছবিগৃহত প্ৰায় সংখ্যক টিকট ইতিমধ্যে বুক হৈছে। সম্ভৱত সন্ধিয়াৰ ভাগলৈ কেইটামান হলত হাউচ ফুল হ'ব ৰাঘৱ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a905df14-8cfa-48eb-915b-043b7663cef0/3d4feca3_af8d_465f_80df_30a996cf2158.jpg)
বগাঃ বুকিং
অনুৰাধা, ডোনা প্লেনেট আদিতো প্ৰায়ভাগ টিকট বুকিং হৈছে। কিন্তু দিনৰ ভাগৰ শ্ব' সমূহত ৰাঘৱে দৰ্শকৰ ভাল সঁহাৰি লাভ কৰা নাই। এতিয়াও অৱশ্যে বাকী আছে টিকট বুকিঙৰ সময়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5d362d48-e436-40f4-a994-a266dc4ea2c2/3c2405a6_a8a3_4e61_8cbb_66d05af85842.jpg)
বগাঃ বুকিং
মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে মহানগৰীৰ চিটি চেন্টাৰৰ পি ভি আৰ ছবিগৃহত ছবিখনৰ প্ৰিমিয়াৰ হৈ যায়। যতীন বৰাৰ প্ৰযোজনাত জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত হৈছে ছবিখন। প্ৰিমিয়াৰ দৰ্শনী উপভোগ কৰাৰ পাছত কণ্ঠশিল্পী জুবিন গাৰ্গেও ছবিখন চাবলৈ দৰ্শকক অনুৰোধ জনাইছে। মৃদুলা বৰুৱাকে ধৰি সকলো কলা-কুশলীৰ অভিনয়ৰ প্ৰশংসা কৰিছে জুবিনে।
প্ৰথম দিনাৰ দৰ্শনীত যথেষ্ঠ ভাল সঁহাৰি নাপালেও আয়োজকসকলে আশা কৰিছে পৰৱৰ্তী সময়ত ৰাঘৱ চাবলৈ দৰ্শক আহিব।
Also Read: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়ৰ পৰা বোকাখাতলৈ বিপদজনক যাতায়ত