৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়ৰ পৰা বোকাখাতলৈ বিপদজনক যাতায়ত

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়ৰ পৰা বোকাখাতলৈ বিপদজনক যাতায়ত

ডিজিটেল সংবাদ, বোকাখাতঃ কৃষিমন্ত্ৰী আৰু বোকাখাতৰ বিধায়ক অতুল বৰাই বোকাখাত বিধানসভা সমষ্টিৰ উন্নতিৰ যিমানেই ফুলজাৰি জ্বলাই নাথাকক লাগিলে আচল ছবিখন কিন্তু ওলোটা।

বোকাখাত বিধানসভা সমষ্টিটোৰ বাট পথ দলং আদিৰ জৰাজীৰ্ণ অৱস্থাৰ বিষয়ে একাধিকবাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতো বিশেষ গুৰুত্ব আৰোপ কৰা নাই খোদ মন্ত্ৰী গৰাকী আৰু লোক নিৰ্মান বিভাগটোয়ে।

সমষ্টিটোৰ নুমলীগড়ৰ পৰা বোকাখাত অভিমুখে দুচকীয়া বা চাৰিচকীয়া বাহনত যাত্ৰা কৰিলেই মন্ত্ৰী অতুল বৰাৰ উন্নয়নৰ ছবিখন স্পষ্ট হৈ পৰে কিয়নো সম্প্ৰতি মৰণফাণ্ডলৈ পৰ্যবসিত হৈছে উক্ত পথচোৱা। বৃহৎ বৃহৎ গাঁতৰ বাবেই কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে উক্ত পথচোৱাত তথাপিও গা-লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ।

উল্লেখযোগ্য যে পথচোৱাৰ বৰছাপৰিৰ চাহ বাগিছাৰ সমীপত থকা 'ডাক দলং' নামৰ দলং খনৰ ওপৰেদি অতি বিপদজনক ভাৱে যাতায়ত কৰিবলগীয়া হৈছে পথচাৰীয়ে। দুৰ্ভাগ্যজনক ভাৱে উক্ত দলঙখনৰ শোচনীয় অৱস্থাৰ বিষয়ে বাৰম্বাৰ লোক নিৰ্মাণ বিভাগক অবগত কৰাৰ উপৰিও মন্ত্ৰী অতুল বৰাক অবগত কৰা হৈছিল যদিও এক প্ৰকাৰ পালমৰা কামেৰেহে দায়িত্ব সামৰিলে মন্ত্ৰী অতুল বৰা আৰু লোক নিৰ্মান বিভাগে।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়ৰ পৰা বোকাখাতলৈ বিপদজনক যাতায়ত
জামুগুৰিহাটত চুটি ছবি “দেৱী বিসৰ্জন”ৰ ট্ৰেইলাৰ মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in