ৰেগিং : এক মানসিক ব্যাধি...

ডিব্ৰগড় বিশ্ববিদ্যালয় আৰু যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত সংঘটিত দুটি ৰেগিঙৰ ঘটনাই ৰেগিং প্ৰথাৰ ক'লা অধ্যায় পোহৰলৈ অনাৰ পাছত সৰৱ হৈ পৰিছে আৰক্ষী আৰু প্ৰশাসন ।

author-image
Asomiya Pratidin
New Update
ৰেগিং : এক মানসিক ব্যাধি...

ডিজিটেল ডেস্ক : শেহতীয়াকৈ সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে ৰেগিঙৰ দুই ঘটনাই । ডিব্ৰগড় বিশ্ববিদ্যালয় আৰু যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত সংঘটিত দুটি ৰেগিঙৰ ঘটনাই ৰেগিং প্ৰথাৰ ক'লা অধ্যায় পোহৰলৈ অনাৰ পাছত সৰৱ হৈ পৰিছে আৰক্ষী আৰু প্ৰশাসন । কিন্তু এই দুটি ভয়ংকৰ ঘটনা সংঘটিত নহ'লে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত অব্যাহত থাকিল হয় নেকি ৰেগিং প্ৰথা ?

Advertisment

এই ধৰণৰ প্ৰশন সমূহৰ উত্তৰ লাভ কৰিবলৈ আমি জানিব লাগিব ৰেগিঙৰ ইতিহাস আৰু ইয়াৰ সৈতে জড়িত আন আনুসংগিক পৰিঘটনা সমূহ ।

ভাৰত বৰ্ষত ৰেগিঙৰ ইতিহাস বৰ বেছি পুৰণি নহয় । ইংৰাজৰ অধীনত থকা সময়তেই ইংৰাজী মাধ্যমৰ আৰু সৈনিক বিদ্যালয় সমূহলৈ উভতি গৈছিল প্ৰথম বিশ্বযুদ্ধৰ সৈনিক সকল । ইতিমধ্যেই সেনা বাহিনীত দলীয় কাৰ্যসূচীৰ অংগস্বৰূপ ৰেগিং এই বিদ্যালয় সমূহলৈ কঢ়িয়াই আনে সৈনিক সকলে । আৰু সময় বাগৰাৰ লগে লগে সৈনিক বিদ্যালয় সমূহত থকা আন ছাত্ৰ সমূহলৈও বিয়পি পৰে এই প্ৰথা । ৰেগিঙৰ ইতিহাস অথবা ইয়াৰ অন্তৰালৰ অৰ্থ নজনাকৈয়ে ৰেগিঙৰ সৈতে জড়িত হৈ পৰিল এই সকল ফুলকুমলীয়া ছাত্ৰ । যাৰ বাবে কেৱল সৈনিক সকলৰ মাজত থকা ৰেগিঙৰ প্ৰথা ক'ব নোৱাৰাকৈয়ে বিয়পি পৰিল সমগ্ৰ ছাত্ৰ সম‍াজত ।

তাৰ পাছত ক্ৰমান্বয়ে অধিক ভয়ংকৰ ৰূপ লয় ৰেগিঙে । ধেমালিৰ চলেৰে আৰম্ভ হোৱা ৰেগিঙত সোমাই পৰে শাৰীৰিক অত্যাচাৰৰ পৰম্পৰা ।

কিন্তু ৬০ৰ দশকলৈ গুৰুতৰ ৰূপ লোৱা নাছিল ৰেগিঙে, কিয়নো উচ্চ শিক্ষা সীমিত আছিল প্ৰথম শ্ৰেণীৰ নাগৰিকৰ বাবেহে । অইন লোকসকলৰ বাবে তেতিয়াও এক স্বপ্ন আছিল উচ্চ শিক্ষা । ৮০ৰ দশকৰ পৰা দেশৰ অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয় সমূহে অতি সহজেই আকোৱালি লয় এই প্ৰথা । তাৰ পাছৰে পৰাই ৰেগিং সম্বন্ধীয় বাতৰি সময়ে সময়ে প্ৰকাশ হৈ আহিল সংবাদ মাধ্যমত ।

যাৰ ফলস্বৰূপে ১৯৯৭ চনত, সেই সময়ত অভিযান্ত্ৰিক শিক্ষাৰ স্বৰ্গস্বৰূপ তামিলনাডুত প্ৰথম বাৰৰ বাবে তৈয়াৰ কৰা হয় ৰেগিঙৰ বিৰুদ্ধে প্ৰথমখনি আইন । এই আইনৰ বাবে ৰেগিঙৰ পৰিমাণ হ্ৰাস হয় যদিও একেবাৰে নিৰ্মূল কৰিব পৰা নহ'ল এই সামাজিক ব্যাধিক ।

উল্লেখ্য যে, ৰেগিং দুয়োপক্ষৰ বাবেই ভয়াৱহ । ৰেগিঙৰ বলি হোৱা শিক্ষাৰ্থী গৰাকীয়ে যিদৰে এই আতিশয্যৰ ফলত মৃত্যুক সাৱটি লোৱা কাণ্ড পৰ্যন্ত সংঘটিত হৈছে তেনস্থলত ৰেগিং কৰা গৰাকীয়েও ইয়াৰ পৰা লাভ কৰা পৈশাচিক আনন্দ এক প্ৰকাৰৰ মানসিক ব্যাধিয়েই । এই ক্ষন্তেকীয়া পৈশাচিক আনন্দৰ বাবে বহু হেজাৰ শিক্ষাৰ্থীৰ জীৱন নষ্ট হৈছে ইতিমধ্যে । তাৰ পিছতো কঠোৰ হ'ব পৰা নাই শিক্ষানুষ্ঠান সমূহৰ কৰ্তৃপক্ষ । ছাত্ৰাবাস সমূহত প্ৰদান কৰিব পৰা নাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা । এই সন্দৰ্ভত হয়তোবিৰূপ মন্তব্য প্ৰকাশ হ'ব পাৰে শিক্ষাৰ্থী সকলৰ ব্যক্তিগত স্বাধীনতা খৰ্ব হোৱাৰ কিন্তু কোনো এক নিৰীহ শিক্ষাৰ্থীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাটো নিশ্চয়কৈ কোনো ব্যক্তি স্বাধীনতাৰ অন্তৰ্গত হ'ব নোৱাৰে সেইয়া ধূৰুপ ।

আৰু পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড! ১৮ জন ছাত্ৰক বহিষ্কাৰ, ৰাহুল ছেত্ৰীৰ প্ৰৱেশ নিষেধ...

jagannath baruah college ragging dibrugarh university