/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6c192591-8250-4a3b-8662-0a4ab44ffac1/bishnu.jpg)
ডিজিটেল সংবাদ, চিৰাং : প্ৰতিকূল বতৰৰ মাজতে চিৰাং জিলা ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা সাহিত্য সভাৰ যৌথ উদ্যোগত কাজলগাঁৱত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন কৰা হয়। কাজলগাঁৱৰ ৰাভা সাহিত্য সভা ভৱন প্ৰাঙ্গণত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5bf1efaa-556d-4eb7-ae26-80f72fb60fdc/6ba72741_3f8a_47bb_8ae9_1a2f824f476c.jpg)
জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাভা জনগোষ্ঠীয় পুৰুষ-মহিলা,ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত পতাকা উত্তোলন কৰে আৰছুৰ জিলা সভাপতি হিৰেণ ৰাভা আৰু জিলা ৰাভা সাহিত্য সভাৰ সভাপতি লঙ্কেশ্বৰ ৰাভাই । গছপুলি ৰোপণ কৰে বিশিষ্ট সমাজ সেৱক তথা বঙাইগাঁও শোধনাগাৰৰ অভিযন্তা লাচিত ৰাভাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d35c2a4d-395e-47b9-b441-56b6d3314581/0efc996b_bf12_4431_9357_b8db6e5f9f87.jpg)
"কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হৈছে সমন্বয়ৰ প্ৰতীক । অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লগত মিলি থকাৰ এক সমন্বয়ৰ প্ৰতীক হৈছে বিষ্ণুপ্ৰসাদ ৰাভা । তেখেতে যেনেকৈ বাট দেখুৱাই গৈছে বিভিন্ন জাতি-জনগোষ্ঠী মিলাপ্ৰীতিৰে থাকিবলৈ তেখেত এজন কলাগুৰুয়ে নহয় তেখেত এজন পথ প্ৰদৰ্শক । তেখেতৰ আদৰ্শৰে আমি চলিব লাগিছিল কিন্তু তেখেতৰ আদৰ্শৰে আমি চলিব পৰা নাই" বুলি মন্তব্য কৰে ৰাভা সাহিত্য সভাৰ জিলা সভাপতি লঙ্কেশ্বৰ ৰাভাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/92accd06-4086-4d6e-abf8-25f4f9f0cc21/ae217d3d_9a87_41a5_9c8d_1c6bccb6d470.jpg)
আজিৰ এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ৰাভা জনগোষ্ঠীয় মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d2a7ac66-5be2-4f6c-aa5e-9fc927c7a6e1/37dde9df_5268_4c6e_a12c_c02a09afbaee.jpg)
Also Read: মথুৰাপুৰ নিকেতনত বিষ্ণু ৰাভা দিৱস