/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ce4aadd6-4cf5-43da-8fc8-388f28cbf7a4/rabha1.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি চৰাইদেউ জিলাৰ মথুৰাপুৰতো সৈনিক শিল্পী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱসটি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় ৷ এই উপলক্ষে মথুৰাপুৰ শংকৰদেৱে শিশু বিদ্যা নিকেতনত পুৱা বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে মাল্যাৰ্পন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b6e03d2b-fa7b-4a84-a60d-2bcaf1b258f2/206e54f4_b8e6_4366_ba99_f2853ff39e16.jpg)
ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাভাৰ গীত- মাত আৰু আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভাদেৱৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত হৈ পৰে বিদ্যালয় চৌহদত ৷
Also Read: নগাঁও ৰাঙলুত নিম্ন মানৰ সামগ্রীৰে পথ নিৰ্মাণ : ক্ষোভিত ৰাইজ