নগাঁও ৰাঙলুত নিম্ন মানৰ সামগ্রীৰে পথ নিৰ্মাণ : ক্ষোভিত ৰাইজ

নগাঁও ৰাঙলুত নিম্ন মানৰ সামগ্রীৰে পথ নিৰ্মাণ : ক্ষোভিত ৰাইজ

ডিজিটেল সংবাদ,কামপুৰ : নগাঁৱত ৰাঙলুত নিম্ন মানৰ সামগ্রীৰে পথ নিৰ্মাণ কৰাক লৈ ক্ষোভিত ৰাইজ । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত বিগত বর্ষতে নগাঁও ৰাঙলুৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ননৈ গোসাঁইখাটলৈ জনৈক গায়নে পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ।

কিন্তু ঠিকাদাৰ গায়নৰ লেহেমীয়া কামৰ বাবে খৰালিতে কাম আৰম্ভ কৰা পথটি সম্পূৰ্ণ হৈ নুঠিল বুলি সচেতন ৰাইজৰ অভিযোগ । ফলত সৰ্বসাধাৰণ ৰাইজে বাৰিষাৰ লগে লগে দুৰ্ভোগ ভুগিব লগা হৈছে ।

আনহাতে ঠিকাদাৰ গায়নে নিম্ন মানৰ সামগ্রী ব্যৱহাৰ কৰি পথৰ কাষৰে ৰাঙলু বজাৰত এটা নলা নিৰ্মাণ কৰাকলৈ একাংশ সচেতন লোকে অভিযোগ কৰি ক্ষোভ প্ৰকাশ কৰে।এই বাৰিষাৰ সময়ত পথ নিৰ্মাণ কৰাৰ উপযুক্ত সময় নহয় বুলি স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰে।

নগাঁও ৰাঙলুত নিম্ন মানৰ সামগ্রীৰে পথ নিৰ্মাণ : ক্ষোভিত ৰাইজ
টাইটানিকক বিচাৰিবলৈ গৈ সন্ধানহীন চাবমেৰিণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in