কোকৰাঝাৰৰ উৰণ সেতুত দুৰ্ঘটনাঃ নিহত এজন

কোকৰাঝাৰৰ উৰণ সেতুত দুৰ্ঘটনাঃ নিহত এজন

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

ডিজিটেল ডেস্কঃ কোকৰাঝাৰ চহৰৰ অভাৰ ব্ৰীজত বুধবাৰে এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাটোৰ ফলত চহৰখনৰ ভোটগাওঁ কাশীপাৰাৰ মৃনাল কুমাৰ ৰায় ৩৪ থিতাতে নিহত হোৱাৰ লগতে আন এজন জিলাখনৰ হৰিণাগুৰীৰ সোমেন নাৰ্জাৰীক (৩০) সংকটজনক অৱস্থাত পশ্চিমবংগলৈ প্ৰেৰণ কৰা হৈছে৷

Advertisment

জানিব পৰা মতে বিয়লি মৃনাল কুমাৰ ৰায় আৰু সোমেন নাৰ্জাৰীয়ে এ এছ ১৬ এল ৩১৫৪ নম্বৰৰ ৰয়েল এনফিল্ড মটৰচাইকেলেৰে কোকৰাঝাৰ চহৰলৈ গৈছিল ৷ তীব্ৰ গতিৰে ঘৰমুৱা হওতেই কোকৰাঝাৰ চহৰৰ অভাৰ ব্ৰীজত পচণ্ড খুন্দা খাই দুয়োজনেই বহু দূৰলৈ ছিটিকি পৰে ৷ পিছত ততাতৈয়াকৈ দুয়োকে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়লৈ লৈ নিয়া হয় যদিও চিকিৎসকে মৃনাল কুমাৰ ৰায়ক মৃত ঘোষণা কৰে ৷

আনহাতে সংকটজনক অৱস্থাত সোমেন নাৰ্জাৰীক পশ্চিমবংগলৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে দুৰ্ঘটনাটোত মৃত্যু হোৱা মৃনাল কুমাৰ ৰায় কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্মচাৰী আছিল আৰু গুৰুতৰভাৱে আহত হোৱা সোমেন নাৰ্জাৰী আৰএনবি চিকিৎসালয়ত ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল ৷

Also Read: কংগ্ৰেছীসকল গান্ধী পৰিয়ালৰ কোম্পানীৰ কৰ্মচাৰীহেঃ পীযুষ হাজৰীকা

kokrajhar road accident