কংগ্ৰেছীসকল গান্ধী পৰিয়ালৰ কোম্পানীৰ কৰ্মচাৰীহেঃ পীযুষ হাজৰীকা

কংগ্ৰেছীসকল গান্ধী পৰিয়ালৰ কোম্পানীৰ কৰ্মচাৰীহেঃ পীযুষ হাজৰীকা

ডিজিটেল সংবাদ, বেকাজানঃ মঙলবাৰে তিতাবৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ জনসমুদ্ৰত পৰিণত হোৱা বিশাল ৰোড শ্ব'ৰ পিছতে একপ্ৰকাৰ থৰকাছুতি হেৰুৱাই বুধবাৰে বিজেপিয়ে পিযুষ হাজৰীকা,পল্লৱ লোচন দাস, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক দিগন্ত কলিতাৰ নেতৃত্বত বিশাল পদযাত্ৰাত উলিয়াই বিজেপিৰ শক্তি প্ৰদৰ্শন চেষ্টা চলায়।

আজি দুপৰীয়া তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অন্তিমখন নিৰ্বাচনী সভাত তিতাবৰ সমষ্টিৰ বিজেপিৰ দলীয় কৰ্মী আৰু সমৰ্থক উদ্দেশি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই কয় যে- 'ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি থকা মৰম,প্ৰধানমন্ত্ৰীৰ প্ৰতি থকা মৰম আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা মৰমৰ বাবেই স্বতস্ফূতভাৱে কৰ্মকৰ্তাসকল ওলাই আহিছে। আমাৰ তিতাবৰ এখন নতুন তিতাবৰ হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰীয়ে আপোনালোকক এখন নতুন তিতাবৰ উপহাৰ দিব, নতুন যোৰহাট উপহাৰ দিব। এই উপহাৰে উজনিৰ এক দুৰ্গ হ'ব আৰু আমি আশা কৰিছো যে অনাগত দিনত যোৰহাট সমষ্টি এক নতুন সমষ্টি হৈ উঠিব। য'ত মুখ্যমন্ত্ৰীয়ে নিজেই ইয়াৰ নেতৃত্ব লৈছে। প্ৰত্যেক কৰ্মকৰ্তাক ঘনে ঘনে খবৰ লৈ আছে কিয়নো এইজন মুখ্যমন্ত্ৰী ৰাইজৰ লগত থাকে,কাৰ্যকতাৰ লগত থাকে ।ইয়াত মন্ত্ৰী পীযুষ হাজৰিকা নিজেই থাকিব,অজন্তা নেওগ নিজেই থাকিব।আমি দহহাজাৰ কাৰ্যকতাৰে ২ ঘণ্টীয়া ৰেলীৰে আজি সামৰণি মাৰিম।আমি এইবাৰ তিতাবৰ সমষ্টিৰ পৰা বিশ হাজাৰ ভোটত জয়লাভ কৰিম।' বুলি মন্তব্য কৰে।

তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয়- কংগ্ৰেছৰ দুৰ্গ ক'ত আছিল। তৰুণ গগৈৰ কাৰ্যকালত তিতাবৰত উন্নয়ন নহল। তেতিয়া তিতাবৰ কংগ্ৰেছৰ দুৰ্গ আছিল যদিও আছিল এতিয়া কিন্তু খহিছে। কাৰণ ৰাণা গোস্বামী এতিয়া নিজেও আছে,কেইজন মানুহনো কংগ্ৰেছত আছে,তিতাবৰৰ বিধায়কজনোটো কংগ্ৰেছত নাই আমাৰ লগতহে আছে।

বিগত ডেৰ মাহ ধৰি তিতাবৰত বাহৰ পাতি বিজেপিৰ সাংগঠনিক দিশ সবল কৰাত ব্যস্ত থকা পীযুষ হাজৰীকাই কয়-কংগ্ৰেছ দলৰ নেতা কৰ্মীবিলাক ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী,ৰাহুল গান্ধীৰ কোম্পানী চাকৰিয়াল। গতিকে মালিক আহোতে যদি মাত্ৰ ছয়হাজাৰ মানুহ ওলায়হি তেতিয়া কংগ্ৰেছ ক'ত। প্ৰিয়ংকা গান্ধী কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটেৰী ,তেওঁলোকটো গান্ধী পৰিয়ালৰ আৰু কংগ্ৰেছ দলৰ নেতা কৰ্মীবিলাকটো তেওঁলোকৰ অনুগত সদস্যহে। ইয়াতটো কংগ্ৰেছ নাই। আচলতে প্ৰিয়ংকা গান্ধী আহি আমাক জিকাই থৈ গ'লহি। প্ৰত্যেকটো সমষ্টিৰপৰা হাজাৰ বিজাৰ বিজেপিক সমৰ্থন কৰিবলৈ মানুহ ওলাই আহিছে। আঢ়ৈ লাখ ভোটৰ ব্যৱধানত তপন গগৈয়ে শেষ হাঁহি মাৰিব। তিতাবৰ সমষ্টিত ৩০-৩৫ হাজাৰ ভোটত জয়লাভ কৰিম। বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

উল্লেখযোগ্য যে বিজেপিয়ে তিতাবৰত প্ৰায় তিনি কিলোমিটাৰ পথত প্ৰায় তিনি হাজাৰ সমৰ্থক লগত লৈ পদযাত্ৰা কৰে। আজি পদযাত্ৰাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, পল্লৱ লোচন দাস, বিধায়ক দিগন্ত কলিতা , ৰাণা গোস্বামী, পীযুষ হাজৰিকা, হেমন্ত কলিতাই অংশগ্ৰহণ কৰে ।

কংগ্ৰেছীসকল গান্ধী পৰিয়ালৰ কোম্পানীৰ কৰ্মচাৰীহেঃ পীযুষ হাজৰীকা
প্ৰতিশ্ৰুতি ৰাখিব নোৱৰা মোডীয়ে ভয়তে উজনি অসমলৈ নাহিলঃজ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in