শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা

১৯৯৮ চনতে নগাঁও জিলাৰ সোণাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়া প্ৰতিষ্ঠা হৈছিল।

author-image
Asomiya Pratidin
New Update
শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা

ডিজিটেল সংবাদ, বটদ্ৰৱা: ১৯৯৮ চনতে নগাঁও জিলাৰ সোণাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়া প্ৰতিষ্ঠা হৈছিল। গৌৰৱোজ্জ্বল ২৫ বছৰ উপলক্ষে শিক্ষানুষ্ঠান খনিৰ ৰূপালী জয়ন্তী বৰ্ষটি ২০২২ চনৰ ২১ জুনাৱাৰী পৰা ২০২৩ চনৰ ২১ জানুৱাৰীলৈ বৰ্ষজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ আছে।

Advertisment

এই শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আজি নগাঁও জিলা ভিত্তিক এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 'ক' শাখা আৰু নৱম, দশম শ্ৰেণী 'খ' শাখা এই দুটা শাখাৰ পৃঠকে অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰে অসমীয়া প্ৰতিদিনৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই।

অনুষ্ঠানটিত নিকেতনৰ প্ৰধান আচাৰ্য পৰাগধৰ শইকীয়াকে প্ৰমুখ্য কৰি আচাৰ্য-আচাৰ্যা, ছাত্ৰ ছাত্ৰী, অভিভাৱক, পৰিচালনা সমিতিৰ বিষয় ববীয়া, প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সদস্য মৃগাংক দাস, উদিত নাৰায়ণ দাসকে আদি কৰি সদস্যবৃন্দ সহ কৰি পাঁচ সহস্ৰাধিক লোক উপস্থিতত থাকে।

কুইজ প্ৰতিযোগিতাৰ সামৰনি ভাষন প্ৰদান কৰি আচাৰ্য ভদ্ৰেশ্বৰ বৰাই এখন মনোগ্ৰাহী কুইজ প্ৰতিযোগিতা পৰিচালনা কৰা কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱা আৰু কাৰিকৰী সহযোগী আচিম আহমেদ হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰে। লগতে অহা ২১ জানুৱাৰীত অনুষ্ঠিত হবলগিয়া ৰূপালী জয়ন্তী সমাৰোহৰ মূল অনুষ্ঠানত কুইজ প্ৰতিযোগিতাৰ বিজয়ী দল সমূহক পুৰস্কাৰ সমূহ বিতৰন কৰা হব বুলি প্ৰকাশ কৰে।

আৰু পঢ়ক: অসমৰো হ'ব এটা ফুটবল দল, জিলিকিব বিশ্বত ! প্ৰিয় জুবিনে ল'ব হেনো পদক্ষেপ...

assam