মিতালী সংঘৰ উদ্যোগত সপোন মাধুৰী দত্ত সোঁৱৰণী কুইজ আৰু আকস্মিক বত্তৃতা প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
মিতালী সংঘৰ উদ্যোগত সপোন মাধুৰী দত্ত সোঁৱৰণী কুইজ আৰু আকস্মিক বত্তৃতা প্ৰতিযোগিতা

ডিজিটেল সংবাদ, গুৱাহাটী : সদৌ অসম ভিত্তিত আয়োজিত প্ৰয়াত সপোন মাধুৰী দত্ত সোঁৱৰণী কুইজ আৰু আকস্মিক বত্তৃতা প্ৰতিযোগিতা যোৱা ২৬ ফেব্ৰুৱাৰী দেওবাৰে মহানগৰীৰ কটন কলেজৰ চুদমাৰ্চন হলত অনুষ্ঠিত হয়। মিতালী সঙ্ঘৰ উদ্যোগত আয়োজিত কুইজ প্ৰতিযোগিতাত ক্ৰমে দিশা বৈশ্য আৰু ৰুশ্মিতা কলিতাই প্ৰথম স্থান,জিলিমনি শৰ্মা,কৰৱী শৰ্মা দ্বিতীয় আৰু অঞ্জনা দত্ত,হিমাদ্ৰী দাস বৰাই তৃতীয় স্থান লাভ কৰে । কুইজ পৰিচালনা কৰে শ্ৰী দীপাংকৰ কৌশিকে।

Advertisment

আকস্মিক বত্তৃতা প্ৰতিযোগিতাত ডৰথি বড়া প্ৰথম, কৃষ্ণা বড়া দ্বিতীয় আৰু মধুস্মিতা বৰুৱা শইকীয়া তৃতীয় স্থান লাভ কৰে। আকস্মিক বত্তৃতাৰ বিচাৰক দ্বয় ক্ৰমে ৰস্মি শৰ্মা আৰু মধুস্মিতা দেৱী।

অনুস্থানৰ আৰম্ভণিতে সভানেত্ৰী শ্ৰীমতী চন্দ্ৰপ্ৰভা দত্তই আদৰণী ভাষণ দিয়ে। শ্ৰীমতী ইন্দিৰা ভূঞাই আত ধৰা অনুস্থানটিত বয়োজেষ্ঠা সদস্যা আৰতি শৰ্মা,নীনা দত্ত, নীলিমা ভট্ট,মীনা ভূঞা,নাছিমা আহমেদৰ উপস্থিতিয়ে অনুস্থানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সম্পাদিকা জয়শ্ৰী শৰ্মাই সকলোলৈ শলাগৰ শৰাই আগবঢ়ায়।

Also Read: ৭০০ সংখ্যক গ'লেৰে পুনৰ এবাৰ উজলিল মেছি

cotton university