৭০০ সংখ্যক গ'লেৰে পুনৰ এবাৰ উজলিল মেছি

৭০০ সংখ্যক গ'লেৰে পুনৰ এবাৰ উজলিল মেছি

ডিজিটেল ডেস্ক : ইউৰোপীয়ান ফুটবল হয় শক্তি প্ৰদৰ্শনৰ এক সুন্দৰ সুযোগ । ষ্ট্ৰাইকাৰৰ দুৰ্দান্ত শ্বট, ৱিংগাৰৰ গতিয়ে মুহুৰ্তৰ ভিতৰতেই সলনি কৰে খেলৰ ফলাফল । কিন্তু ভৱিষ্যত প্ৰজন্মই এই সকলোবোৰৰ মাজত মনত ৰাখিব দুভৰিৰ যাদুৰে একোখন খেললৈ প্ৰাণ নমাই অনা কেইগৰাকীমান ফুটবলাৰক । তাৰেই মজাত ৭০০ টাকৈ ক্লাব গ'ল কৰাৰ খিতাপ আছে কেৱল দুগৰাকী খেলুৱৈৰ ওচৰত । পৰ্টুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু আৰ্জেন্টিনাৰ লিয়নেল মেছি । অৱশ্যে এই দৌৰত শীৰ্ষত আছে ৰোনাল্ডো ৭০৯ টা গ'লৰ সৈতে । আনহাতে, লিয়নেল মেছিক ৭০০ সংখ্যক গ'ল কৰাৰ বাবে প্ৰয়োজন হ'ল ৰোনাল্ডোতকৈ ১৪০ খনতকৈও কম মেছৰ । এই বাবেই যেন মেছি শ্ৰেষ্ঠ ।

সোমবাৰে নিশা মাৰ্ছেইৰ বিৰুদ্ধে এটা গ'ল দিয়াৰ লগে লগেই মেছিৰ নামত খোদিত হয় ৭০০টা গ'ল কৰাৰ অভিলেখ । ফুটবলৰ যাদুকৰ গৰাকীয়ে কিশোৰ কালৰ পৰাই ভংগ কৰি আহিছিল এটাৰ পাছত আনটো অভিলেখ । বিগত বৰ্ষত বিশ্বকাপ জয় কৰাৰ পাছত যেন আন একো জয় কৰিবলৈয়ে বাকী নাছিল খেলুৱৈ গৰাকীৰ বাবে । কিন্তু থমকি ৰয় জানো য‍াদুকৰ ? সকলো যাদুৱেই প্ৰথম আৰু অন্তিম তেওঁৰ বাবে ।

কেৰিয়াৰৰ ৭০০ সংখ্যক গ'ল দিয়াৰ পাছত আগন্তুক সময়ত হয়তো ৰোনাল্ডোকো অতিক্ৰম কৰিব মেছিয়ে অথবা একে সময়তেই বৃদ্ধি পাব ৰোনাল্ডোৰো গ'লৰ সংখ্যা । কিন্তু ফুটবল জগতৰ দুই মহাৰথীৰ মাজত শীৰ্ষত উপনীত হোৱাৰ যুঁজ যে আমোদজনক হ'ব সেইয়া খাটাং ।

৭০০ সংখ্যক গ'লেৰে পুনৰ এবাৰ উজলিল মেছি
ঋণত কোঙা অসম, বিজেপিৰ শাসনত ১.৩২ লাখ কোটি টকাৰ ঋণত ডুব গৈছে ৰাজ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in