ওএমআৰ শ্বীটৰ সহায়ত নিযুক্তি পৰীক্ষাৰ অনুষ্ঠিত বিষয়কলৈ উত্থাপিত হৈছে প্ৰশ্ন...

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিযুক্তিৰ বাবে সহকাৰী অধ্যাপক, জেষ্ঠ পৰিদৰ্শক আৰু প্ৰধ্যাপকৰ পদৰ নিযুক্তিৰ বাবে ওএমআৰ শ্বীটৰ সহায়ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে এএছটুৱে
ওএমআৰ শ্বীটৰ সহায়ত নিযুক্তি পৰীক্ষাৰ অনুষ্ঠিত বিষয়কলৈ উত্থাপিত হৈছে প্ৰশ্ন...

ডিজিটেল ডেস্কঃ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিযুক্তিৰ বাবে সহকাৰী অধ্যাপক, জেষ্ঠ পৰিদৰ্শক আৰু প্ৰধ্যাপকৰ পদৰ নিযুক্তিৰ বাবে ওএমআৰ শ্বীটৰ সহায়ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে এএছটুৱে । এএছটুৱে এই নিৰ্দেশনা প্ৰদান কৰাৰ পিছতেই প্ৰাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ যোগ্য যে এ.এছ.টি.ইউ.-য়ে ২৪ এপ্ৰিলৰ ২০২৩ চনলৈ ও.এম.আৰ আধাৰত অনুষ্ঠিত কৰি আহিছে নিযুক্তিৰ পৰীক্ষা । এই প্ৰক্ৰিয়াৰে নিযুক্তি পৰীক্ষা সূচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ লোৱা সন্দৰ্ভত কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত এণ্ডিভিজিলেটৰ পৰ্যবেক্ষকসকলৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে ।

সোমবাৰে এই দৰে পৰীক্ষা অনুস্থিত কৰাৰ সন্দৰ্ভত প্ৰাৰ্থীসকল অসন্তোষ্ট হৈছে । এই প্ৰক্ৰিয়াৰে নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰিলে প্ৰার্থীৰ আৰু ৰাইজে সুচাৰুৰূপে অনুষ্ঠ্ত হোৱা বিষয়টোকলৈ সন্দেহ ব্যক্ত কৰিছে । সেয়া সকলোৱে বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ।

ওএমআৰ শ্বিটৰ সহায়ত অনুষ্ঠিত কৰা লিখিত পৰীক্ষাৰ তৎক্ষণাৎ অনুষ্ঠিত কৰা হৈছে । আৰু পৰীক্ষাৰ্থীয়ে প্ৰস্তুত হ’বলৈ সময় পোৱা নাই বুলিও অভিযোগ তুলিছে প্ৰাৰ্থীসকলে । লগতে অভিযোগ উত্তাপিত হৈছে ইমান গুৰুত্বপূৰ্ণ এটি পদৰ বাবে অনুষ্টিত কৰা এটি পৰীক্ষাৰ বাবে এসপ্তাহ পৰ্যাপ্ত সময় নহয় । বহিঃ ৰাজ্য নাইবা দূৰৈত থকা প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে । এই ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ অমনোয়িতা প্ৰতিফলিত হৈছে ।

ৰিকিউৰিটমেণ্ট বোৰ্ডৰ অধিসূচনা অনুসৰি, ওএমআৰ-এমচিকিউ আধাৰিত লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো প্ৰাৰ্থীক লিখিত, শিক্ষণ, দক্ষতা পৰীক্ষা'ত অৱতীৰ্ণ হ'বলৈ তালিকাভুক্ত কৰা হ'ব । আৰু সাক্ষাৎকাৰত প্ৰার্থীসকলৰ কোনোধৰণৰ নম্বৰ নাথাকিব ।

যিহেতু ওএমআৰ আধাৰত অনুষ্ঠিত পৰীক্ষাৰ ফলাফল টিচিং প্ৰফিয়েনছি টেষ্ট সম্পূৰ্ণ হোৱাৰ পিছতহে ঘোষণা কৰা হ'ব ।

বোৰ্ডৰ পৰা জাৰি কৰা অধিসূচনাত কোৱা হৈছিল যে শিক্ষণ/ দক্ষতা পৰীক্ষাক বাছনিৰ বাবে অনুষ্ঠিত হ'ব লগা পৰীক্ষাবোৰৰ এক অবিচ্ছেদ্য অংশ হিচাপে গণ্য কৰা হ’ব প্ৰতিগৰাকীয়ে প্ৰাৰ্থীৰ ক্ষেত্ৰত । ইয়ে সময় শক্তি আৰু সম্পদৰ ৰাহি কৰিব ।

প্ৰাৰ্থীসকলৰ লগতে অভিভাৱক আৰু ৰাইজে দাবী কৰিছে যে ওএমআৰ শ্বীটবোৰ স্কেন কৰা সময়ত এটা গোট পৰ্যৱেক্ষকৰ উপস্থিতিত যাতে সম্পন্ন কৰা হয় ।

অভিযোগকাৰীসকলে দাবী উত্থাপন কৰিছে যে যদিহে ওএমআৰ শ্বীটসমূহ পৰ্যৱেক্ষকৰ উপস্থিতিত পৰ্যৱেশন কৰা নহয় তেনেহলে বহুতো ওএম আৰশ্বীট নাকচ হোৱাৰ সম্ভাৱনা আছে ।

ওএমআৰ শ্বীটৰ সহায়ত নিযুক্তি পৰীক্ষাৰ অনুষ্ঠিত বিষয়কলৈ উত্থাপিত হৈছে প্ৰশ্ন...
মাহগুৰি গাওঁ পঞ্চায়তৰ জন প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in