চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মালিভিটাত প্ৰকাণ্ড আকাৰৰ অজগৰ সাপ উদ্ধাৰ...

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মালিভিটাত প্ৰকাণ্ড আকাৰৰ অজগৰ সাপ উদ্ধাৰ...

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা ৰেঞ্জৰ মালিভিটাৰ ইন্দ্ৰপুৰ গাঁৱত শুকুৰবাৰ বিয়লিৰ ভাগত এডাল প্ৰকাণ্ড আকাৰৰ অজগৰ সাপ উদ্ধাৰ কৰা হয় । বনবিভাগৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, মালিভিটাৰ ইন্দ্ৰপুৰ গাঁৱৰ এজন ব্যক্তিৰ পৰিত্যক্ত জুপুৰিত অজগৰ সাপডালে আশ্ৰয় লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ।

এই খবৰ বিয়পি পৰাৰ পাছত উৎসুক জনতাৰ ভিৰ বাঢ়িবলৈ আৰম্ভ কৰে । তাৰ মাজতে একাংশ লোকে অজগৰ সাপ ডালক ভক্ষণ কৰাৰ বাবে মাৰিবলৈ উদ্যত হয় কিন্তু মালিভিটা ভিচিডিচিৰ সভাপতি জনে এক কাৰ্য্যত বাধা আৰোপ কৰি বনবিভাগৰ লোকক খবৰ দিয়ে । খবৰ লাভ কৰি আমটেকা ফৰেষ্টৰ ৰেঞ্জাৰ জয়ন্ত দৈমাৰীয়ে বন সুৰক্ষা কৰ্মীৰ দল লগত লৈ উৎসুক ৰাইজৰ ভিৰৰ পৰা অজগৰ সাপ ডালক উদ্ধাৰ কৰে ।

প্ৰায় বাৰ ফুট দৈৰ্ঘ্যৰ ক'লা ৰঙৰ অজগৰ সাপ ডালক বন বিভাগৰ লোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নৱতম সংযোজনৰ অৰণ্যত মুকলি কৰি দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in