লামডিঙত ২ কোটি টকাৰ ১২ কুইন্টল গাঞ্জা জব্দ...

আটক মহিলাসহ চাৰিজন
লামডিঙত ২ কোটি টকাৰ ১২ কুইন্টল গাঞ্জা জব্দ...

ডিজিটেল সংবাদ, লামডিঙ : লামডিঙত নিশা আৰক্ষীৰ অভিযানত বৃহৎ সফলতা ৷ হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ নেতৃত্বত শিলচৰ-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত লামডিং আৰক্ষী আৰু হোজাই জিলাৰ প্ৰশাসনৰ যৌথ অভিযান ৷ নিশা চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰা হয় ৷

একাংশ সৰবৰাহকাৰীয়ে নাগালেণ্ডৰ কহিমাৰ পৰা HR 38 A 2521 নম্বৰৰ এখন ট্ৰাকেৰে বহি:ৰাজ্যলৈ সৰবৰাহ কৰাৰ পথতে হোজাই জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰীক্ষণত লামডিং আৰক্ষীয়ে গাঞ্জা সহ ৪ জন ব্যক্তিকো আটক কৰিবলৈ সক্ষম হয় ৷

৬০টা পেকেটত জব্দ কৰা গাঞ্জাখিনৰ ওজন প্ৰায় ১২ কুইন্টল হোৱাৰ বিপৰীতে বজাৰ মূল্য প্ৰায় ২ কোটি টকা হ'ব বুলি জানিব দিয়ে লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৷

আৰক্ষীয়ে অভিযান কালত ট্ৰাকখনৰ চালক নাগালেণ্ড মন জিলাৰ ইবমায়া থাপা, মণিপুৰৰ হেণ্ডিমেন আৰ. ইয়াৰিচুৰ লগতে মণিপুৰৰ মূল সৰবৰাহকাৰী দেবিন সিং আৰু মুক্তৰা দেৱী নামৰ এগৰাকী মহিলাকো আটক কৰিছে ৷ দেবিন সিং আৰু মুক্তৰা দেৱীয়ে ব্যৱহাৰ কৰা AS 11 R 4404 নম্বৰৰ এখনি হোইণ্ডাই ভেনু (Hyundai Venue) বাহনো জব্দ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে চৰকাৰ কঠোৰ নিৰ্দেশকো আওকান কৰি একাংশ অসাধু চক্ৰই নতুন নতুন বুদ্ধিৰে ৰাজ্যত নিসিদ্ধ সামগ্ৰী বেহা চলাই আহিছে ৷ এই ক্ষেত্ৰত আৰক্ষী তৎপৰ হোৱা দেখা গৈছে যদিও সৰবৰাহকাৰীয়ে যেন কেৰেপকে নকৰে আৰক্ষী প্ৰশাসনক ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in