চৰাইদেউ উদ্ধাৰ প্ৰকাণ্ড অজগৰঃ ৭টাকৈ হাঁহ ভক্ষণ

চৰাইদেউ উদ্ধাৰ প্ৰকাণ্ড অজগৰঃ ৭টাকৈ  হাঁহ ভক্ষণ

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ শুকুৰবাৰে পুৱাই উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ। প্ৰকাণ্ড অজগৰ সাপ ডালক চাবলৈ ভিৰ বহু লোকৰ।জানিব পৰা মতে, মথুৰাপুৰ আৰক্ষী থানাৰ অন্তগৰ্ত চুকাফানগৰ খদাল বস্তিৰ বাসিন্দা সঞ্জীৱ খদাল নামৰ লোকজনৰ গড়ালত হঠাৎ দহ ফুটতকৈ অধিক দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ প্ৰৱেশ কৰে ৷

গড়ালৰ ভিতৰত সাতটাকৈ হাঁহ ভক্ষণ কৰি থকা অৱস্থাত লোকজনৰ পৰিয়াল বৰ্গই কৌশলে প্ৰকাণ্ড অজগৰডাল কৰায়ত্ত কৰে ৷তাৰ পিছত বিন বিভাগৰ লোক উপস্থিত হোৱাত অজগৰডাল বিভাগীয় লোকক গতাই দিয়ে।প্ৰকাণ্ড অজগৰ সাপ ডালৰ ওজন প্ৰায় ২৫ কেজি বুলি জানিব পৰা গৈছে।পিছত অজগৰডাল অভয়পুৰ অভয়াৰণ্যত মুকলি কৰি দিয়ে বন কৰ্তৃপক্ষই।

চৰাইদেউ উদ্ধাৰ প্ৰকাণ্ড অজগৰঃ ৭টাকৈ  হাঁহ ভক্ষণ
খাদ্যৰ সন্ধানত ওলাই অহা ৩ টা হাতীৰ বিদ্যুৎ‍স্পৃষ্ট হৈ মৃত্যু

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in