খাদ্যৰ সন্ধানত ওলাই অহা ৩ টা হাতীৰ বিদ্যুৎ‍স্পৃষ্ট হৈ মৃত্যু

প্ৰতীকি ফটো
প্ৰতীকি ফটো
Published on
Updated on

ডিজিটেল ডেস্কঃ মহানগৰীৰ সমীপৱৰ্তী ৰাণীত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। বিদ্যুৎ‍স্পৃষ্ট হৈ ৩টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু। শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী চাহ বাগিচাৰ পানীচন্দাত এই ঘটনা সংঘটিত হয়। খাদ্যৰ সন্ধানত ওলাই আহিছিল বনৰীয়া হাতীৰ জাকটো। তাৰপাছতেই এই কৰুণ ঘটনাত মৃত্যু হয় হাতীটোৰ।

ঘটনাস্থলীত উপস্থিত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ লোক। উল্লেখ্য় যে,এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও প্ৰায়েই বিদ্যুৎ‍স্পৃষ্ট হৈ হাতীয়ে মৃত্যুক সাৱতি লয়। তাৰপাছতো বিভাগীয় কৰ্তৃপক্ষই কিয় জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি চিন্তা নকৰে সেয়াহে লক্ষণীয়।

প্ৰতীকি ফটো
প্ৰকৃত মূল্যতকৈ ৪০০ শতাংশ অধিক এম আৰ পি লিখি একাংশ নাৰ্চিং হোমৰ লুণ্ঠনৰাজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in