/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/cfaaed12-9e12-4498-a723-cb75a9f8f979/122.jpg)
ডিজিটেল সংবাদ,মাজুলী : মাজুলী জিলা সত্ৰ মহাসভাৰ আহ্বানত ২৫ এপ্ৰিল ২০২৪ বৃহস্পতিবাৰে এখনি প্ৰতিনিধিমূলক সভা অনুষ্ঠিত হয়। জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত এই সভাত সভাপতি সত্যজিৎ মহন্তই সভাপতিত্ব কৰে।
উক্ত সভাত সত্ৰ মহাসভাৰ নাম লৈ মাজুলী জিলা সম্পাদক পুতুল মহন্তই ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে ৰাইজক প্ৰভাৱিত কৰি বিপথে পৰিচালিত কৰা বুলি উল্লেখ কৰে। সভাত জুবিন গাৰ্গ সন্দৰ্ভতো কেতবোৰ আলোচনা কৰে।
শিল্পীগৰাকীৰ সন্দৰ্ভত অসম সত্ৰ মহাসভাৰ স্থিতি বিবৃতি আকাৰে ইতিমধ্যে অসমৰ বিভিন্ন দৈনিক বাতৰি কাকতত সবিস্তাৰে সম্পাদক প্ৰধানে প্ৰকাশ কৰা বুলি উল্লেখ কৰে। ইয়াৰোপৰি মহাসভাৰ সকলো ৱাটছএপ গোটৰ জৰিয়তে প্ৰচাৰ কৰাৰ কথা জানিবলৈ দিয়ে ।
জিলা সমিতিৰ সভাপতি বা সম্পাদকে মিলি সেই কেন্দ্ৰীয় সিদ্ধান্ত ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰি অসম সত্ৰ মহাসভাৰ পৰা ইতিমধ্যে বহিস্কৃত আৰু ১০৯ বছৰীয়া গৰিমা মণ্ডিত অসম সত্ৰ মহাসভাক দুভাগত বিভক্ত কৰা সত্ৰ মহাসভাক পাবত গজা বুলি ৰাজহুৱা বক্তব্য দি যোৰহাট আদালতত গোচৰৰ সন্মুখীন হৈ থকা , গড়মূৰ সত্ৰৰ পৰা বিতাৰিত প্ৰাক্তন সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীক লগত লৈ কাৰচাজি কৰি মাজুলী জিলা সত্ৰ মহাসভাৰ মাজত জটিলতাৰ সৃষ্টি কৰি মহাসভাৰ সন্মান হানিকাৰক কাম কৰাৰ বাবে জিলা সম্পাদক পুতুল মহন্ত ক তৎকালীনভাৱে বলৱৎ হোৱাকৈ সত্ৰ মহাসভাৰ সকলো দায়িত্ব ৰ পৰা অব্যাহতি দিয়া হয় বুলি জানিবলৈ দিয়ে। জিলা সমিতিৰ সভাপতিক সাময়িকভাৱে এজন লোকক লৈ পূৰ্ণাংগ সমিতি গঠন কৰা লৈকে কাম চলাই যাবৰ বাবে দায়িত্ব দিয়া হ'ল বুলি সভাত প্ৰস্তাৱ গ্ৰহণ কৰে।
অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তউ ৰাইজৰ জ্ঞাতাৰ্থে জানিবলৈ দিয়ে যে বহু বছৰ ধৰি জিলা সম্পাদক হৈ থকা পুতুল মহন্তই কোনো দিন কেন্দ্ৰীয় অধিবেশনত অংশগ্ৰহণ কৰা নাই। কেন্দ্ৰীয় কাৰ্যকৰী কোনো সভাতে তেওঁ উপস্থিত হোৱা নাই।
তাৰোপৰি আজিৰ পৰা কেইবা মাহৰ আগতেই সিদ্ধান্ত গ্ৰহণ কৰা অসম সত্ৰ মহাসভাৰ সেতু বন্ধ কাৰ্যসূচী বিভিন্ন অজুহাতত পিছুৱাই দিয়াৰ কথাও উল্লেখ কৰে। উক্ত কাৰ্যসূচী কাৰচাজি কৰি স্থান সলাবলৈ বিচৰা, সতী ৰাধীকা মহিলা তীৰ্থৰ অভ্যৰ্থনা সমিতিৰ নিজেই সভাপতি হৈ পিছুৱাই থকা আদি বিভিন্ন অভিযোগৰ দ্বাৰা অভিযুক্ত পুতুল মহন্তই কেন্দ্ৰীয় সভাৰ দ্বাৰা প্ৰেৰিত কোনো কাৰ্য বা নিৰ্দেশ মানি নচলে বুলি উল্লেখ কৰে।
গতিকে অতি সোনকালেই উত্তৰ পূব মণ্ডলৰ উপ-সভাপতি, সাংস্কৃতিক সম্পাদক, সম্পাদক, সাংগঠনিক সম্পাদক,কেন্দ্ৰীয় মুখপাত্ৰ আৰু স্থানীয় সত্ৰানুৱৰ্তী ৰাইজৰ সহমতত সোনকালেই এজন সক্ৰিয় সম্পাদক নিৰ্বাচিত কৰাৰ কথা জানিবলৈ দিয়ে। ইয়াৰ জৰিয়তে এখন পুৰ্ণাংগ জিলা সমিতি গঠন কৰিবলৈ মহাসভাৰ সভাপতি আৰু সম্পাদক প্ৰধানে সকলো লোককে আহ্বান জনায়।
লগতে কেন্দ্ৰীয় মুখপাত্ৰক এই বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানীয়ে নিৰ্দেশ দিয়ে।
Also Read: গহপুৰৰ শৈক্ষিক জগতত নৱতম সংযোজন