৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অষ্টম পূৰ্বৰঙ্গ নাট সমাৰোহ, মঞ্চস্থ হ'ব ৯ খনকৈ নাটক...

অহা ৫ৰ পৰা ৯ ডিচেম্বৰলৈ পূৰ্বৰঙ্গৰ দ্বাৰা আয়োজন কৰা হৈছে অষ্টম পূৰ্বৰঙ্গ ৰাষ্ট্ৰীয় নাট সমাৰোহ

author-image
Asomiya Pratidin
New Update
৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অষ্টম পূৰ্বৰঙ্গ নাট সমাৰোহ, মঞ্চস্থ হ'ব ৯ খনকৈ নাটক...

guwahati

ডিজিটেল ডেস্ক : অহা ৫ৰ পৰা ৯ ডিচেম্বৰলৈ পূৰ্বৰঙ্গৰ দ্বাৰা আয়োজন কৰা হৈছে অষ্টম পূৰ্বৰঙ্গ ৰাষ্ট্ৰীয় নাট সমাৰোহ। পূৰ্বৰঙ্গ হৈছে এক অনুষ্ঠান, যি অসমৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এই অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে নৃত্যাচাৰ্য যতীন গোস্বামী, প্ৰাঞ্জল শইকীয়া, নয়ন প্ৰসাদ, মইনুল হক, গুণাকৰ দেৱ গোস্বামী, সেউজপ্ৰিয়া গোস্বামীৰ লগতে বহু নৃত্য, নাট্য শিল্পী।

Advertisment

অহা ৫ ডিচেম্বৰৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা পূৰ্বৰঙ্গ নাট সমাৰোহত মুঠ ৯ খন নাটক মঞ্চস্থ কৰা হ'ব। প্ৰত্যেকদিনাই সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ'ব নাটক সমূহ। এই অষ্টম ৰাষ্ট্ৰীয় নাট সমাৰোহত অংশগ্ৰহণ কৰিব পশ্চিম বংগ, উৰিষ্যা, বিহাৰ, হিমাচল প্ৰদেশৰ নাট্য দলে।

উল্লেখ্য যে পশ্চিম বংগৰ পৰা ২ খন নাটক মঞ্চস্থ কৰা হ'ব। ঠিক তেনেদৰে উৰিষ্যাৰ পৰা ১ খন, বিহাৰৰ পৰা ১ খন, হিমাচল প্ৰদেশৰ পৰা ১ খন আৰু অসমৰ পৰা প্ৰদৰ্শন কৰিব ৪ খন নাটক। ইতিমধ্যে নাট সমাৰোহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। নুনমাটিস্থিত আনন্দ নগৰৰ পূৰ্ণাংগ থিয়েটাৰ ভৱনত অনুষ্ঠিত হ'ব এই নাট সমাৰোহ।

আৰু পঢ়ক : মেছিৰ দুভৰিৰ যাদুত জীপাল আৰ্জেন্টিনাৰ আশা...

assam guwahati purabaranga drama festival