পূৰ্বাঞ্চল প্ৰিমিয়াম লীগ: হাটশিঙিমাৰীৰ হাতত ৭ উইকেটত পৰাস্ত তুৰা

বিগত প্ৰায় দুমাহ ধৰি মানকাচৰৰ সাদুল্লাবাৰীত অনুষ্ঠিত হৈ অহা পূৰ্বাঞ্চল প্ৰিমীয়াম লীগৰ দেওবাৰে চূড়ান্ত খেলত অসমৰ হাটশিঙিমাৰী দলে মেঘালয়ৰ তুৰা দলক ৭ উইকেটত পৰাস্ত কৰে।
পূৰ্বাঞ্চল প্ৰিমিয়াম লীগ: হাটশিঙিমাৰীৰ হাতত ৭ উইকেটত পৰাস্ত তুৰা

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: বিগত প্ৰায় দুমাহ ধৰি মানকাচৰৰ সাদুল্লাবাৰীত অনুষ্ঠিত হৈ অহা পূৰ্বাঞ্চল প্ৰিমীয়াম লীগৰ দেওবাৰে চূড়ান্ত খেলত অসমৰ হাটশিঙিমাৰী দলে মেঘালয়ৰ তুৰা দলক ৭ উইকেটত পৰাস্ত কৰে।

উল্লেখযোগ্য যে মানকাচৰ অঞ্চলৰ সৰ্ববৃহৎ টি-২০ ক্ৰিকেট লীগ পূৰ্বাঞ্চল প্ৰিমীয়াম লীগৰ চিজন-৩ ৰ আজি চূড়ান্ত প্ৰতিযোগীতা অনুষ্ঠিত হয়। পূৰ্বাঞ্চল ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা চিজন-৩ ত মুঠ ২৪ টা দল অংশগ্ৰহণ কৰিছিল। অসমৰ পৰা মুঠ ১৮ টা ক্ৰিকেট দল এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে মেঘালয়ৰ পৰা ৬ টা ক্ৰিকেট দল অংশগ্ৰহণ কৰে।

দুমাহ ধৰি চলি থকা টুৰ্ণামেণ্টৰ আজি চূড়ান্ত খেল মানকাচৰৰ হাটশিঙিমাৰী ক্ৰিকেট দল আৰু মেঘালয়ৰ তুৰা দলৰ মাজত অনুষ্ঠিত হয়। এই চূড়ান্ত খেলত তুৰা দল টচত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয়। নিৰ্ধাৰিত ২০ অভাৰৰ ভিতৰত ১৬ অভাৰত তুৰা দল ১০ উইকেট হেৰুৱাই ৭৫ ৰান সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত তুৰা দল মাত্ৰ ৫.৫ অভাৰত ৩ উইকেটৰ বিনিময়ত ৭৮ ৰান সংগ্ৰহ কৰে। ফলত চূড়ান্ত খেল খনত হাটশিঙিমাৰী দল তুৰা দলক ৭ উইকেটত পৰাস্ত কৰে। এই টুৰ্ণামেণ্টত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে হাটশিঙিমাৰী দলৰ অধিনায়ক মনিৰুল ইছলামক নিৰ্বাচিত কৰা হয়। চূড়ান্ত বিজয়ী দলক নগদ ১.১০ লাখ টকা সহ এটা ট্ৰফী আৰু ৰানাৰ্চ আপ দলক নগদ ৬০ হেজাৰ টকা সহ এটা ট্ৰফীৰে পুৰস্কৃত কৰা হয়।

এই চূড়ান্ত খেলত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যাবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰ, জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। খেল খনত অঞ্চলটোৰ প্ৰায় ২০ সহস্ৰাধিক খেলপ্ৰেমী লোকৰ সমাগম হয়।

আৰু পঢ়ক: পুৰুষ সকলে দায়িত্ব নলয় যাৰ বাবে জনসংখ্যা বৃদ্ধি হৈছেঃ নীতিশ কুমাৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in