/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/bihar-election.jpg)
ডিজিটেল ডেস্ক: দেশত অত্যাধিক হাৰত বৃদ্ধি পাইছে জনসংখ্যা। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে । ইয়াৰ মাজতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এটা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে।
বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিহাৰত জনসংখ্যা নিয়ন্ত্ৰণত নাহে। কিয়নো মহিলা সকল অশিক্ষিত আৰু পুৰুষ সকলে দায়িত্ব নলয়।তেওঁৰ মন্তব্যক বিৰোধিয়ে "ঘৃণামূলক ভাষণ আৰু ৰাজ্যৰ ভাবমূৰ্তি কলুষিত" কৰা বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ "সমাধান যাত্ৰা"ৰ এখন ৰাজহুৱা সভা সম্বোধন কৰি এই মন্তব্য কৰিছিল।
নীতিশ কুমাৰে কৈছিল যে, মহিলাসকলে অধ্যয়ন কৰিলেহে জনসংখ্যা নিয়ন্ত্ৰণ হ্ৰাস হ'ব।যদি মহিলাসকল অধিক শিক্ষিত বা সচেতন হয়, তেওঁলোকে গৰ্ভৱতী হোৱাৰ পৰা নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে জানিব পাৰিব। পুৰুষসকলে তেওঁলোকৰ কৰ্মৰ পৰিণাম বিবেচনা কৰিবলৈ সমৰ্থ নহয় আৰু মহিলাসকল সঠিকভাৱে শিক্ষিত নোহোৱাৰ বাবে তেওঁলোকে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাত বিফল হয়।
আৰু পঢ়ক: জীৱনৰ বিজ্ঞাপন !